মটক জনগোষ্ঠীৰ ৰাজনৈতিক অধিকাৰ আৰু স্বাৰ্থ সুৰক্ষাৰ লক্ষ্যৰে একত্ৰিত হ’ল পাঁচটাকৈ সক্ৰিয় সংগঠন। ডিব্ৰুগড়ত আজি আনুষ্ঠানিকভাৱে আত্মপ্ৰকাশ কৰে নতুন ৰাজনৈতিক মঞ্চ ‘বেংমৰা গণমঞ্চ’ই। মটক জনগোষ্ঠীৰ ৰাজনৈতিক প্ৰতিনিধিত্ব শক্তিশালী কৰাৰ লক্ষ্যৰে সাতখন জিলাৰ জনগোষ্ঠীটোৰ লোকসকলক সামৰি এই মঞ্চ গঠন কৰা হৈছে।
মটক সন্মিলন, মটক যুৱ ছাত্ৰ সন্মিলন, মটক মহিলা পৰিষদ, মটক যুৱ ছাত্ৰ পৰিষদ আৰু মটক ছাত্ৰ সন্থাৰ উদ্যোগত গঠন কৰা হয় এই নতুন ৰাজনৈতিক মঞ্চ। প্ৰতিষ্ঠাপক সাধাৰণ সভাত মঞ্চখনৰ সাংগঠনিক গাঁথনি নিৰ্ধাৰণ কৰি ৫১জনীয়া কেন্দ্ৰীয় কমিটী আৰু ২২জনীয়া নীতি নিৰ্ধাৰণ কমিটী গঠন কৰা হয়।
সভাত চান্দ কুমাৰ গোহাঁইক সভাপতি হিচাপে নিৰ্বাচিত কৰা হয়। বৈকুণ্ঠ গোহাঁই আৰু উদয় শংকৰ মহনক কাৰ্যকৰী সভাপতিৰ দায়িত্ব দিয়া হয়। আনহাতে, গিৰীশ পাত্ৰই মুখ্য সম্পাদক হিচাপে দায়িত্ব লাভ কৰে।
নৱগঠিত মঞ্চখনে কেৱল জনগোষ্ঠীয় সংগঠন হিচাপে কাম কৰাতে সীমাবদ্ধ নাথাকি প্ৰত্যক্ষ নিৰ্বাচনী ৰাজনীতিতো অংশগ্ৰহণৰ পৰিকল্পনা গ্ৰহণ কৰিছে। আগন্তুক মটক স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ লগতে বিধানসভা আৰু লোকসভা নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বেংমৰা গণমঞ্চই।
পাঁচটা সংগঠনৰ যৌথ উদ্যোগত সাতখন জিলাৰ মটক জনগোষ্ঠীৰ লোকসকলক সামৰি গঠন কৰা এই মঞ্চৰ জৰিয়তে জনগোষ্ঠীটোৰ ৰাজনৈতিক দাবী আৰু স্বাৰ্থসমূহ উত্থাপন কৰাৰ পৰিকল্পনা কৰা হৈছে। প্ৰতিষ্ঠাপক সভাত কেন্দ্ৰীয় নেতৃত্ব আৰু নীতি নিৰ্ধাৰণৰ বাবে পৃথক কমিটী গঠন কৰাটোও মঞ্চখনৰ সাংগঠনিক ব্যৱস্থাৰ অংশ।