বিশিষ্ট কণ্ঠশিল্পী বিদ্যা সাগৰৰ কণ্ঠৰে সজোৱা গীতটো উন্মোচন কৰিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য জিতেন হাজৰিকাই।ডিব্ৰুগড়ত উন্মোচন কৰা হ’ল ‘বন্ধু’ শীৰ্ষক এটি স্বৰচিত গীত।
ৰাজনীতিবিদ তথা জ্যোতি চিত্ৰবনৰ উপাধ্যক্ষ সুনীল ৰাজকোঁৱৰৰ প্ৰযোজনা আৰু পৰিচালনাত নিৰ্মিত গীতটোৰ শুভ উন্মোচন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য জিতেন হাজৰিকাই।
অনুষ্ঠানত অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডা° সঞ্জীৱ হাজৰিকা, সূৰজমল কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শশীকান্ত হাজৰিকাকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ বহু গণ্য-মান্য ব্যক্তি, সাহিত্য-সংস্কৃতিৰ…
সংগীতৰ মাজেৰে বন্ধুত্ব, মৰম আৰু মানৱীয় সম্পৰ্কৰ এক সুন্দৰ বাৰ্তা।
শুকুৰবাৰে বিয়লি ২ বাজি ২০ মিনিটত ডিব্ৰুগড়ৰ হনুমানবক্স সূৰজমল কানৈ মহাবিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় গীতটোৰ শুভ উন্মোচনী অনুষ্ঠান।
newznow.in