বিশিষ্ট কণ্ঠশিল্পী বিদ্যা সাগৰৰ কণ্ঠৰে সজোৱা গীতটো উন্মোচন কৰিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য জিতেন হাজৰিকাই।ডিব্ৰুগড়ত উন্মোচন কৰা হ’ল ‘বন্ধু’ শীৰ্ষক এটি স্বৰচিত গীত। অসমৰ বিশিষ্ট কণ্ঠশিল্পী বিদ্যা সাগৰৰ কণ্ঠৰে সজাই তোলা গীতটোৰ শুভ উন্মোচনী অনুষ্ঠান আজি ডিব্ৰুগড়ৰ হনুমানবক্স সূৰজমল কানৈ মহাবিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়।

ৰাজনীতিবিদ তথা জ্যোতি চিত্ৰবনৰ উপাধ্যক্ষ সুনীল ৰাজকোঁৱৰৰ প্ৰযোজনা আৰু পৰিচালনাত নিৰ্মিত গীতটোৰ শুভ উন্মোচন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য জিতেন হাজৰিকাই।

অনুষ্ঠানত অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডা° সঞ্জীৱ হাজৰিকা, সূৰজমল কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শশীকান্ত হাজৰিকাকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ বহু গণ্য-মান্য ব্যক্তি, সাহিত্য-সংস্কৃতিৰ সৈতে জড়িত ব্যক্তি আৰু সংগীতপ্ৰেমী উপস্থিত থাকে। এই সন্দৰ্ভত চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন।

সংগীতৰ মাজেৰে বন্ধুত্ব, মৰম আৰু মানৱীয় সম্পৰ্কৰ এক সুন্দৰ বাৰ্তা। এই বাৰ্তাকে সাৰোগত কৰি ডিব্ৰুগড়ত শুভ উন্মোচন কৰা হ’ল ‘বন্ধু’ শীৰ্ষক এটি স্বৰচিত গীত।

শুকুৰবাৰে বিয়লি ২ বাজি ২০ মিনিটত ডিব্ৰুগড়ৰ হনুমানবক্স সূৰজমল কানৈ মহাবিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় গীতটোৰ শুভ উন্মোচনী অনুষ্ঠান।

ৰাজনীতিবিদ তথা জ্যোতি চিত্ৰবনৰ উপাধ্যক্ষ সুনীল ৰাজকোঁৱৰৰ প্ৰযোজনা আৰু পৰিচালনাত নিৰ্মাণ কৰা গীতটিত কণ্ঠদান কৰিছে অসমৰ বিশিষ্ট কণ্ঠশিল্পী বিদ্যা সাগৰে। গীতটো আনুষ্ঠানিকভাৱে উন্মোচন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য জিতেন হাজৰিকাই।

অনুষ্ঠানৰ আৰম্ভণিতে ডিব্ৰুগড়ৰ প্ৰয়াত কণ্ঠশিল্পী চন্দন পাঠকৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি তেওঁৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। লগতে প্ৰয়াত শিল্পীগৰাকীৰ আত্মাৰ সদ্গতি কামনা কৰা হয়।

এই অনুষ্ঠানত অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডা° সঞ্জীৱ হাজৰিকা, সূৰজমল কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শশীকান্ত হাজৰিকাকে ধৰি ডিব্ৰুগড় তথা অসমৰ বিভিন্ন প্ৰান্তৰ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

অনুষ্ঠানত উপস্থিত বিশিষ্ট ব্যক্তিসকলে সুনীল ৰাজকোঁৱৰৰ এই সৃষ্টিশীল প্ৰচেষ্টাৰ শলাগ লোৱাৰ লগতে সংগীতৰ জৰিয়তে বন্ধুত্ব আৰু মানৱীয় অনুভূতিৰ প্ৰকাশৰ এই পদক্ষেপক আদৰণি জনায়।

উল্লেখ্য যে, এই অনুষ্ঠানলৈ সদৌ অসম সাংবাদিক সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ বিষয়ববীয়া তথা সদস্য-সদস্যাসকলকো বিশেষভাৱে আমন্ত্ৰণ জনোৱা হৈছিল।

সংগীতৰ জৰিয়তে মানুহৰ মাজত মৰম, আন্তৰিকতা আৰু বন্ধুত্বৰ বান্ধোন অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে আগবঢ়োৱা এই পদক্ষেপে ডিব্ৰুগড়ৰ সাংস্কৃতিক ক্ষেত্ৰখনত এক নতুন সংযোজন ঘটালে।

প্ৰযোজক-পৰিচালক সুনীল ৰাজকোঁৱৰৰ এই প্ৰচেষ্টাই সংগীতপ্ৰেমী ৰাইজৰ মাজত সমাদৰ লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে উদ্যোক্তাসকলে। ‘বন্ধু’ শীৰ্ষক এই গীতটোৱে অনাগত দিনত শ্ৰোতাৰ হৃদয় জয় কৰিবলৈ সক্ষম হ'ব বুলি আশা কৰা হৈছে।