চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত মাচুল বৃদ্ধিৰ সিদ্ধান্ত বাতিল আৰু আইটিইপি পাঠ্যক্ৰম বিনামূলীয়া কৰাৰ দাবী জনাইছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।
অসমৰ চিকিৎসা শিক্ষাৰ পাঠ্যক্ৰমৰ মাচুল বৃদ্ধি সিদ্ধান্ত প্ৰত্যাহাৰৰ লগতে ITEP পাঠ্যক্ৰমৰ মাচুল সম্পূৰ্ণ বিনামূলীয়া কৰাৰ দাবীত সংবাদমেল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ।
ৰাজ্যৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়সমূহত এমবিবিএছ আৰু বিডিএছ পাঠ্যক্ৰমৰ মাচুল বৃদ্ধিৰ সিদ্ধান্ত তৎকালীনভাৱে প্ৰত্যাহাৰ কৰাৰ দাবী জনাইছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।
এক সংবাদমেল সম্বোধন কৰি সংগঠনটোৰ নেতা পিণ্টু গগৈয়ে ৰাজ্য চৰকাৰৰ নীতিৰ তীব্ৰ সমালোচনা কৰে।
নেতাগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, নতুন ব্যৱস্থাত পৰিয়ালৰ বাৰ্ষিক আয় ৯ লাখ টকাতকৈ অধিক হ'লে বছৰি ১ লাখ টকা, ৪ লাখৰ পৰা ৯ লাখ টকা আয় হ'লে বছৰি ৫০ হাজাৰ টকা আৰু ৪ লাখ টকালৈকে উপাৰ্জন…
newznow.in