২৭ নৱেম্বৰ , ২০২৬

অসমৰ চিকিৎসা শিক্ষাৰ পাঠ্যক্ৰমৰ মাচুল বৃদ্ধি সিদ্ধান্ত প্ৰত্যাহাৰৰ লগতে ITEP পাঠ্যক্ৰমৰ মাচুল সম্পূৰ্ণ বিনামূলীয়া কৰাৰ দাবীত সংবাদমেল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ।

ৰাজ্যৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়সমূহত এমবিবিএছ আৰু বিডিএছ পাঠ্যক্ৰমৰ মাচুল বৃদ্ধিৰ সিদ্ধান্ত তৎকালীনভাৱে প্ৰত্যাহাৰ কৰাৰ দাবী জনাইছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। একেদৰে আইটিইপিৰ অধীনৰ চাৰি বছৰীয়া বিএ-বিএড, বিকম-বিএড আৰু বিএছচি-বিএড পাঠ্যক্ৰমৰ মাচুলো সম্পূৰ্ণৰূপে বিনামূলীয়া কৰিবলৈ সংগঠনটোৱে আহ্বান জনায়।

এক সংবাদমেল সম্বোধন কৰি সংগঠনটোৰ নেতা পিণ্টু গগৈয়ে ৰাজ্য চৰকাৰৰ নীতিৰ তীব্ৰ সমালোচনা কৰে। তেওঁ অভিযোগ কৰে যে বিজেপি চৰকাৰৰ দিনত শিক্ষা ব্যৱস্থাক ক্ৰমান্বয়ে বাণিজ্যিকীকৰণৰ দিশে ঠেলি দিয়া হৈছে। চৰকাৰী চিকিৎসা মহাবিদ্যালয়সমূহত মাচুল বৃদ্ধি কৰাৰ ফলত দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ মেধাৱী শিক্ষাৰ্থীসকলৰ ওপৰত অতিৰিক্ত আৰ্থিক বোজা পৰিব বুলি তেওঁ ক্ষোভ প্ৰকাশ কৰে।

নেতাগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, নতুন ব্যৱস্থাত পৰিয়ালৰ বাৰ্ষিক আয় ৯ লাখ টকাতকৈ অধিক হ'লে বছৰি ১ লাখ টকা, ৪ লাখৰ পৰা ৯ লাখ টকা আয় হ'লে বছৰি ৫০ হাজাৰ টকা আৰু ৪ লাখ টকালৈকে উপাৰ্জন হ'লে বছৰি ৫ হাজাৰ টকা মাচুল নিৰ্ধাৰণ কৰা হৈছে। ২০২২-২৩ৰ পৰা ২০২৫-২৬ শিক্ষাবৰ্ষলৈকে পূৰ্বৰে পৰা অধ্যয়নৰত শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰতো এই সংশোধিত মাচুল গাঁথনি প্ৰযোজ্য কৰাৰ বিষয়টোক লৈ সংগঠনটোৱে তীব্ৰ আপত্তি দৰ্শায়।

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এমবিবিএছ আৰু বিডিএছ পাঠ্যক্ৰমৰ বৰ্ধিত মাচুল বাতিল কৰি পূৰ্বৰ মাচুল গাঁথনিয়েই বাহাল ৰখাৰ দাবী জনায়। ইয়াৰ উপৰি আৰ্থিকভাৱে জুৰুলা শিক্ষাৰ্থীসকলৰ সুবিধাৰ্থে বাৰ্ষিক মাচুল একেলগে পৰিশোধ কৰাৰ পৰিৱৰ্তে কিস্তিত জমা দিয়াৰ ব্যৱস্থা কৰিবলৈও চৰকাৰক আহ্বান জনোৱা হয়।

সংবাদমেলত আইটিইপিৰ অধীনৰ সংহত পাঠ্যক্ৰমসমূহৰ মাচুল সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰা হয়। নেতা পিণ্টু গগৈয়ে কয় যে অসমৰ শিক্ষাৰ্থীসকলে প্ৰতিটো ছেমিষ্টাৰত প্ৰায় ৩৬ হাজাৰৰ পৰা ৩৭ হাজাৰ টকাকৈ মাচুল দিবলগীয়া হৈছে। হোষ্টেল, পঞ্জীয়ন আৰু আনুষংগিক সকলো ব্যয় ধৰি চাৰি বছৰীয়া পাঠ্যক্ৰমটো সম্পূৰ্ণ কৰিবলৈ প্ৰায় ৪ৰ পৰা ৫ লাখ টকা খৰচ হয়।

দেশৰ আন বহু বিশ্ববিদ্যালয়ত এই একেটা পাঠ্যক্ৰম প্ৰায় ১ লাখ টকাৰ ভিতৰতে সম্পন্ন কৰিব পাৰি বুলি উল্লেখ কৰি সংগঠনটোৱে দাবী কৰে যে এই পাঠ্যক্ৰম সম্পূৰ্ণ বিনামূলীয়া কৰিব লাগে। যদি সেয়া সম্ভৱ নহয়, তেন্তে দেশৰ আন বিশ্ববিদ্যালয়সমূহৰ সমপৰ্যায়ত মাচুল নিৰ্ধাৰণ কৰাৰ ব্যৱস্থা কৰিব লাগিব।

চিকিৎসা শিক্ষাৰ মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ আৰু আইটিইপি পাঠ্যক্ৰমৰ মাচুল হ্ৰাস নকৰিলে ৰাজ্যজুৰি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব বুলি সংগঠনটোৱে চৰকাৰক সকীয়াই দিয়ে।