সমষ্টি পুনৰ্নিৰ্ধাৰণ সন্দৰ্ভত ঐক্যবদ্ধ কৌশল নিৰ্ধাৰণৰ বাবে ইণ্ডিয়া মিত্ৰজোঁটৰ লগতে আন বিৰোধী দলসমূহক বৈঠকলৈ আহ্বান জনালে মল্লিকাৰ্জুন খাৰ্গেই।
নতুন দিল্লী, ২৭ নৱেম্বৰ: সমষ্টি পুনৰ্নিৰ্ধাৰণক লৈ কেন্দ্ৰীয় চৰকাৰে সংসদত সংবিধান সংশোধনী বিধেয়ক পুনৰ উত্থাপন কৰাৰ সম্ভাৱনাৰ মাজতে বিৰোধী দলসমূহৰ মাজত ঐক্যবদ্ধ কৌশল প্ৰস্তুতৰ বাবে এক বিশেষ…
এক সূত্ৰৰ পৰা জানিব পৰা মতে, শনিবাৰে পুৱা ১১.৩০ বজাত নতুন দিল্লীৰ ১০, ৰাজাজী মাৰ্গত থকা খাৰ্গেৰ চৰকাৰী বাসগৃহত এই বৈঠক অনুষ্ঠিত হ’ব।
কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে জনোৱা মতে, সংসদত গ্ৰহণ কৰিবলগীয়া পদক্ষেপ সন্দৰ্ভত আলোচনা কৰিবলৈ সকলো বিৰোধী দল বৈঠকত মিলিত হ’ব।
অহা ৩০ নৱেম্বৰৰ পৰা ৩ ডিচেম্বৰলৈ সংসদৰ বিশেষ বৈঠক অনুষ্ঠিত হ’ব।
newznow.in