নতুন দিল্লী, ২৭ নৱেম্বৰ: সমষ্টি পুনৰ্নিৰ্ধাৰণক লৈ কেন্দ্ৰীয় চৰকাৰে সংসদত সংবিধান সংশোধনী বিধেয়ক পুনৰ উত্থাপন কৰাৰ সম্ভাৱনাৰ মাজতে বিৰোধী দলসমূহৰ মাজত ঐক্যবদ্ধ কৌশল প্ৰস্তুতৰ বাবে এক বিশেষ বৈঠক আহ্বান কৰিছে কংগ্ৰেছে। ৰাজ্যসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই শনিবাৰে অনুষ্ঠিত হ’বলগীয়া বৈঠকলৈ ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ বাহিৰৰ বিৰোধী দলসমূহকো আমন্ত্ৰণ জনাইছে।
এক সূত্ৰৰ পৰা জানিব পৰা মতে, শনিবাৰে পুৱা ১১.৩০ বজাত নতুন দিল্লীৰ ১০, ৰাজাজী মাৰ্গত থকা খাৰ্গেৰ চৰকাৰী বাসগৃহত এই বৈঠক অনুষ্ঠিত হ’ব। মিত্ৰজোঁটৰ অন্তৰ্গত দলসমূহৰ সংসদীয় নেতাৰ লগতে ডিএমকে, আপ আৰু বিজু জনতা দলৰ (বিজেডি) দৰে অন্যান্য বিৰোধী দলসমূহৰ নেতাসকলকো এই বৈঠকলৈ নিমন্ত্ৰণ কৰা হৈছে।
কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে জনোৱা মতে, সংসদত গ্ৰহণ কৰিবলগীয়া পদক্ষেপ সন্দৰ্ভত আলোচনা কৰিবলৈ সকলো বিৰোধী দল বৈঠকত মিলিত হ’ব। কেৱল মিত্ৰজোঁটৰ মাজতে সীমাবদ্ধ নাথাকি সকলো বিৰোধী পক্ষৰ সৈতে এই সন্দৰ্ভত যোগাযোগ চলাই থকা হৈছে বুলি তেওঁ প্ৰকাশ কৰে।
অহা ৩০ নৱেম্বৰৰ পৰা ৩ ডিচেম্বৰলৈ সংসদৰ বিশেষ বৈঠক অনুষ্ঠিত হ’ব। এই বৈঠকত মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণৰ ব্যৱস্থা আগতীয়াকৈ কাৰ্যকৰী কৰাৰ উদ্দেশ্য লৈ সমষ্টি পুনৰ্নিৰ্ধাৰণৰ সৈতে জড়িত বিধেয়কখন পুনৰ অনাৰ সম্ভাৱনা আছে। লোকসভাৰ বৈঠক ৩০ নৱেম্বৰত আৰু ৰাজ্যসভাৰ বৈঠক ২ ডিচেম্বৰত আৰম্ভ হৈ ৩ ডিচেম্বৰত দুয়োখন সদনৰে কাম-কাজ সামৰণি পৰিব।
সমষ্টি পুনৰ্নিৰ্ধাৰণ সন্দৰ্ভত তামিলনাডুৰ মুখ্যমন্ত্ৰী তথা ডিএমকে সভাপতি এম কে ষ্টেলিনে নিজৰ স্থিতি স্পষ্ট কৰি কৈছে যে লোকসভাত তামিলনাডুৰ বৰ্তমানৰ ৭.১৮ শতাংশ আসনৰ অংশীদাৰিত্ব কোনো কাৰণতে হ্ৰাস পাব নালাগে। ১৯৭১ চনৰ লোকপিয়লৰ ভিত্তিত ৰাজ্যসমূহৰ মাজত নিৰ্ধাৰিত সংসদীয় প্ৰতিনিধিত্বৰ অনুপাত আৰু ২৫ বছৰলৈ অপৰিৱৰ্তিত ৰখাৰ দাবী জনাই ষ্টেলিনে কয় যে ৰাজ্যখনৰ স্বাৰ্থৰ ক্ষেত্ৰত কোনো আপোচ কৰা নহ’ব।
সংসদৰ এই বিশেষ বৈঠকলৈ কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰি কংগ্ৰেছে অভিযোগ তুলিছে যে চৰকাৰৰ মূল উদ্দেশ্য মহিলা সংৰক্ষণ নহয়, বৰঞ্চ সমষ্টি পুনৰ্নিৰ্ধাৰণৰ প্ৰস্তাৱ আগবঢ়োৱাহে। দলটোৱে কেন্দ্ৰৰ এই পদক্ষেপৰ বিৰোধিতা কৰিব বুলিও স্পষ্ট কৰি দিছে।