নাগালেণ্ডত ২০ৰ পৰা ২৪ বছৰ বয়সৰ ৫.৬ শতাংশ যুৱতীৰ বাল্যবিবাহ হৈছে বুলি প্ৰকাশ কৰিছে ৰাজ্যখনৰ সমাজ কল্যাণ বিভাগৰ সচিবে।
কহিমা: নাগালেণ্ডত বাল্যবিবাহৰ প্ৰচলন এক উদ্বেগজনক বিষয় হৈ পৰিছে।
বাল্য, কম বয়স আৰু বলপূৰ্বক বিবাহ প্ৰতিৰোধৰ প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় দিৱস উপলক্ষে কহিমাত আয়োজিত এক অনুষ্ঠানত ভাষণ প্ৰদান কৰি তেওঁ কয় যে চহৰাঞ্চলতকৈ গ্ৰামাঞ্চলত বাল্যবিবাহৰ হাৰ অধিক।
বাল্যবিবাহৰ সমান্তৰালকৈ কিশোৰী অৱস্থাতে গৰ্ভধাৰণ কৰাটোও ৰাজ্যখনত এক ডাঙৰ সমস্যা বুলি উল্লেখ কৰি সচিবগৰাকীয়ে সমাজ পৰ্যায়ত নিৰন্তৰ সজাগতা আৰু প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়।
ৰাজ্য চৰকাৰে ২০০৬ চনৰ বাল্যবিবাহ নিষিদ্ধকৰণ আইনখন আনুষ্ঠানিকভাৱে গ্ৰহণ কৰাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে যদিও বিভাগীয় পদক্ষেপৰ জৰিয়তে আইনখনৰ মূল নীতিসমূহ ইতিমধ্যে কাৰ্যকৰী কৰা হৈছে বুলি…
newznow.in