কহিমা: নাগালেণ্ডত বাল্যবিবাহৰ প্ৰচলন এক উদ্বেগজনক বিষয় হৈ পৰিছে। ৰাজ্যখনত ২০ৰ পৰা ২৪ বছৰ বয়সৰ ভিতৰৰ ৫.৬ শতাংশ যুৱতী ১৮ বছৰ বয়স সম্পূৰ্ণ হোৱাৰ পূৰ্বেই বিবাহপাশত আৱদ্ধ হৈছে। ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা-৫ (এনএফএইচএছ-৫)-ৰ তথ্য উল্লেখ কৰি শুকুৰবাৰে সমাজ কল্যাণ বিভাগৰ সচিব লিমাবাৱাং জমিৰে এই কথা প্ৰকাশ কৰে।

বাল্য, কম বয়স আৰু বলপূৰ্বক বিবাহ প্ৰতিৰোধৰ প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় দিৱস উপলক্ষে কহিমাত আয়োজিত এক অনুষ্ঠানত ভাষণ প্ৰদান কৰি তেওঁ কয় যে চহৰাঞ্চলতকৈ গ্ৰামাঞ্চলত বাল্যবিবাহৰ হাৰ অধিক। গ্ৰামাঞ্চলত এই হাৰ ৭.৩ শতাংশ হোৱাৰ বিপৰীতে চহৰাঞ্চলত ইয়াৰ প্ৰচলন ২.৪ শতাংশ।

বাল্যবিবাহৰ সমান্তৰালকৈ কিশোৰী অৱস্থাতে গৰ্ভধাৰণ কৰাটোও ৰাজ্যখনত এক ডাঙৰ সমস্যা বুলি উল্লেখ কৰি সচিবগৰাকীয়ে সমাজ পৰ্যায়ত নিৰন্তৰ সজাগতা আৰু প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়। তেওঁ জনায় যে নাগালেণ্ডৰ ১৭খন জিলাতেই বাল্যবিবাহ প্ৰতিৰোধ বিষয়া নিযুক্তি দিয়া হৈছে। ইয়াৰ উপৰি মিছন শক্তিৰ 'বেটী বচাও, বেটী পঢ়াও' কাৰ্যসূচীৰ জৰিয়তে ছোৱালীৰ শিক্ষাৰ প্ৰসাৰ, বিদ্যালয় আধাতে এৰা সমস্যা ৰোধ আৰু বৈষম্যমূলক সামাজিক প্ৰথাৰ বিৰুদ্ধে কাম কৰি থকা হৈছে।

ৰাজ্য চৰকাৰে ২০০৬ চনৰ বাল্যবিবাহ নিষিদ্ধকৰণ আইনখন আনুষ্ঠানিকভাৱে গ্ৰহণ কৰাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে যদিও বিভাগীয় পদক্ষেপৰ জৰিয়তে আইনখনৰ মূল নীতিসমূহ ইতিমধ্যে কাৰ্যকৰী কৰা হৈছে বুলি সচিবগৰাকীয়ে জনায়।

অনুষ্ঠানত উপস্থিত থাকি সমাজ কল্যাণ উপদেষ্টা তথা বিধায়ক ৱাংপাং কন্যাক কয় যে মহিলা আৰু কিশোৰীসকলক সুৰক্ষা প্ৰদান কৰাটো মৌলিক মানৱ অধিকাৰৰ অংশ আৰু সমতা, ন্যায় তথা বহনক্ষম উন্নয়নৰ বাবে ই অতি প্ৰয়োজনীয়। প্ৰতিগৰাকী কন্যা সন্তাক মৰ্যাদা সহকাৰে ব্যৱহাৰ কৰিবলৈ আহ্বান জনাই তেওঁ কয় যে নিজৰ কন্যা সন্তানক জোৰকৈ বিয়া দিলে, শিক্ষাৰ পৰা বঞ্চিত কৰিলে বা ভৱিষ্যত বাছনি কৰাৰ অধিকাৰ কাঢ়ি ল'লে এগৰাকী পিতৃ-মাতৃৰ মনত কেনে অনুভৱ হ'ব, সেয়া সকলোৱে অনুধাৱন কৰা উচিত।

বিশেষকৈ গ্ৰামাঞ্চলত কিশোৰী অৱস্থাতে গৰ্ভধাৰণৰ ঘটনাক লৈ বিধায়কগৰাকীয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰে। চৰকাৰীভাৱে পঞ্জীয়ন হোৱা বাল্যবিবাহৰ সংখ্যা কম হ'লেও কিশোৰীসকলৰ গৰ্ভধাৰণৰ সমস্যাটোক আওকাণ নকৰিবলৈ তেওঁ সকীয়াই দিয়ে। বাল্যবিবাহ নিৰ্মূলৰ বাবে চৰকাৰী সংস্থাসমূহৰ মাজত সমন্বয় বৃদ্ধিৰ লগতে গীৰ্জা, জনজাতীয় আৰু স্থানীয় নেতা, শিক্ষানুষ্ঠান আৰু বেচৰকাৰী সংস্থাসমূহক সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ তেওঁ আহ্বান জনায়।

এই অনুষ্ঠানতে বাল্যবিবাহ আৰু শিশু সৰবৰাহৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে অহা ২৭ নৱেম্বৰৰ পৰা অহা বৰ্ষৰ ৮ মাৰ্চলৈ সমগ্ৰ ৰাজ্যজুৰি ১০০ দিনীয়া এক অভিযান চলোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। এই অভিযানত সমাজৰ বিভিন্ন স্তৰৰ সংগঠন, গীৰ্জা আৰু গাঁও পৰিষদসমূহে (ভিলেজ কাউন্সিল) অংশ ল'ব।