সমষ্টি পুনৰ্নিৰ্ধাৰণ আৰু মহিলা সংৰক্ষণ বিধেয়কৰ বিৰুদ্ধে বিৰোধী ঐক্য গঢ়িবলৈ ডিএমকেৰ সৈতে পুনৰ সম্পৰ্ক স্থাপনৰ চেষ্টা কংগ্ৰেছৰ।
গুৱাহাটী, ২৭ নৱেম্বৰ: সমষ্টি পুনৰ্নিৰ্ধাৰণ আৰু মহিলা সংৰক্ষণ বিধেয়কক লৈ কেন্দ্ৰীয় চৰকাৰৰ পৰৱৰ্তী পদক্ষেপৰ পূৰ্বে বিৰোধী শিবিৰত ৰাজনৈতিক তৎপৰতা তীব্ৰতৰ হৈ পৰিছে।
ইয়াৰ মাজতে মমতা বেনাৰ্জীয়ে ডিএমকে নেতৃত্বৰ সৈতে নিয়মীয়াকৈ আলোচনা চলাই থকা বুলি জানিব পৰা গৈছে।
আনহাতে বিধেয়কখনক লৈ ডিএমকেৰ স্থিতি অপৰিৱৰ্তিত আছে বুলি স্পষ্ট কৰি দিছে এম কে ষ্টেলিনে।
ইফালে কংগ্ৰেছে শুকুৰবাৰে লোকসভাৰ সাংসদসকলৰ বাবে তিনি শাৰীৰ হুইপ জাৰি কৰি ২৯ নৱেম্বৰৰ পুৱা ১০ বজাৰ পূৰ্বে দিল্লীত উপস্থিত থাকিবলৈ নিৰ্দেশ দিছে।
newznow.in