গুৱাহাটী, ২৭ নৱেম্বৰ: সমষ্টি পুনৰ্নিৰ্ধাৰণ আৰু মহিলা সংৰক্ষণ বিধেয়কক লৈ কেন্দ্ৰীয় চৰকাৰৰ পৰৱৰ্তী পদক্ষেপৰ পূৰ্বে বিৰোধী শিবিৰত ৰাজনৈতিক তৎপৰতা তীব্ৰতৰ হৈ পৰিছে। এনে পৰিস্থিতিত তামিলনাডুৰ শাসকীয় ডিএমকেৰ সৈতে পুনৰ সম্পৰ্ক গঢ়ি তোলাৰ প্ৰচেষ্টা চলাইছে কংগ্ৰেছে। এই প্ৰক্ৰিয়াত মধ্যস্থতাকাৰীৰ ভূমিকা লৈছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীয়ে। প্ৰায় ছমাহ পূৰ্বে তামিলনাডুৰ নিৰ্বাচনৰ পাছত ডিএমকেৰ সৈতে মিত্ৰতা ভংগ কৰি অভিনেতা চি জোচেফ বিজয়ৰ টিভিকেৰ সৈতে হাত মিলাইছিল কংগ্ৰেছে। এতিয়া সমষ্টি পুনৰ্নিৰ্ধাৰণৰ সৈতে জড়িত মহিলা সংৰক্ষণ বিধেয়ক সংসদত গৃহীত কৰাৰ কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপৰ বিৰুদ্ধে বিৰোধী ঐক্য গঢ়াৰ লক্ষ্যৰে কংগ্ৰেছে ডিএমকেৰ সৈতে পুনৰ যোগাযোগ আৰম্ভ কৰিছে।

ইয়াৰ মাজতে মমতা বেনাৰ্জীয়ে ডিএমকে নেতৃত্বৰ সৈতে নিয়মীয়াকৈ আলোচনা চলাই থকা বুলি জানিব পৰা গৈছে। কংগ্ৰেছৰ মতে, ইণ্ডিয়া মিত্ৰজোঁটৰ জ্যেষ্ঠ নেত্ৰী হিচাপে মমতা বেনাৰ্জীৰ সৈতে ডিএমকেৰ সভাপতি এম কে ষ্টেলিনৰ সু-সম্পৰ্ক আছে। কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে কয় যে সংবিধানৰ প্ৰতি বিশ্বাস থকা সকলো বিৰোধী দলৰ সৈতে তেওঁলোকে যোগাযোগ কৰিব।

আনহাতে বিধেয়কখনক লৈ ডিএমকেৰ স্থিতি অপৰিৱৰ্তিত আছে বুলি স্পষ্ট কৰি দিছে এম কে ষ্টেলিনে। তেওঁ কয় যে লোকসভাত তামিলনাডুৰ ৭.১৮ শতাংশ আসনৰ অংশীদাৰিত্ব কোনো পৰিস্থিতিতে হ্ৰাস হ’ব নালাগে আৰু তামিলনাডুৰ স্বাৰ্থৰ ক্ষেত্ৰত ডিএমকেই কোনো আপোচ নকৰে। লগতে কংগ্ৰেছে ক্ষমতাৰ বাবে নীতি ত্যাগ কৰা বুলিও তেওঁ অভিযোগ তোলে।

ইফালে কংগ্ৰেছে শুকুৰবাৰে লোকসভাৰ সাংসদসকলৰ বাবে তিনি শাৰীৰ হুইপ জাৰি কৰি ২৯ নৱেম্বৰৰ পুৱা ১০ বজাৰ পূৰ্বে দিল্লীত উপস্থিত থাকিবলৈ নিৰ্দেশ দিছে। অহা ৩০ নৱেম্বৰৰ পৰা সংসদৰ বিশেষ অধিৱেশন আৰম্ভ হোৱাৰ কথা। অধিৱেশনৰ পূৰ্বে কংগ্ৰেছে সংসদীয় কৌশল সমিতিৰ বৈঠক আৰু তাৰ পাছত ইণ্ডিয়া মিত্ৰজোঁটৰ সহযোগী দলসমূহৰ সৈতে আলোচনা কৰাৰ পৰিকল্পনা কৰিছে।

উল্লেখ্য যে সংবিধান সংশোধনী বিধেয়ক গৃহীত কৰিবলৈ লোকসভাত দুই-তৃতীয়াংশ সদস্যৰ সমৰ্থনৰ প্ৰয়োজন। বিগত এপ্ৰিল মাহত ৫২৮ গৰাকী সাংসদে ভোটদান কৰাৰ সময়ত বিধেয়কখনৰ পক্ষত প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতাতকৈ ৫৪টা ভোট কম পৰিছিল। বৰ্তমান সংসদত ডিএমকেৰ ২৪ গৰাকী আৰু এনচিপি-এছপিৰ ৮ গৰাকী সাংসদৰ স্থিতি এই সমীকৰণত বিশেষভাৱে গুৰুত্বপূৰ্ণ বিবেচিত হৈছে।