অসমৰ ১৯০খন চাহ বাগিচাই শ্ৰমিকৰ ভৱিষ্যনিধিৰ ধন জমা দিয়া নাই।
গুৱাহাটী, ২৭ নৱেম্বৰ: অসমৰ চাহ বাগিচাসমূহত শ্ৰমিকৰ সামাজিক সুৰক্ষা আৰু স্বাস্থ্যসেৱাৰ প্ৰকৃত অৱস্থাক লৈ অসম বিধানসভাত দাখিল কৰা এক চৰকাৰী তথ্যত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় পোহৰলৈ আহিছে।
বিধানসভাত দিয়া চৰকাৰী উত্তৰ অনুসৰি, অসম চাহ শ্ৰমিক-কৰ্মচাৰী ভৱিষ্যনিধি সংগঠনৰ অধীনত পঞ্জীয়নভুক্ত ১,২৯১খন চাহ বাগিচা আৰু কাৰখানা আছে।
নিৰ্ধাৰিত সময়ত ধন জমা নকৰা বাগিচাসমূহক জাননী প্ৰেৰণ কৰাৰ উপৰি আইনী ব্যৱস্থা আৰু ৰিকভাৰী ব্যৱস্থাৰ জৰিয়তে বকেয়া ধন আদায়ৰ পদক্ষেপ লোৱা হৈছে।
বকেয়া ধন আদায়ৰ বাবে বিভাগে ৪২খন চাহ বাগিচাৰ সম্পত্তি বাজেয়াপ্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল।
newznow.in