গুৱাহাটী, ২৭ নৱেম্বৰ: অসমৰ চাহ বাগিচাসমূহত শ্ৰমিকৰ সামাজিক সুৰক্ষা আৰু স্বাস্থ্যসেৱাৰ প্ৰকৃত অৱস্থাক লৈ অসম বিধানসভাত দাখিল কৰা এক চৰকাৰী তথ্যত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় পোহৰলৈ আহিছে। ৰাজ্যখনৰ ১৯০খন চাহ বাগিচা আৰু কাৰখানা কৰ্তৃপক্ষই শ্ৰমিক আৰু কৰ্মচাৰীৰ প্ৰাপ্য ভৱিষ্যনিধিৰ ধন জমা দিয়া নাই বুলি চৰকাৰে সদৰী কৰিছে।
বিধানসভাত দিয়া চৰকাৰী উত্তৰ অনুসৰি, অসম চাহ শ্ৰমিক-কৰ্মচাৰী ভৱিষ্যনিধি সংগঠনৰ অধীনত পঞ্জীয়নভুক্ত ১,২৯১খন চাহ বাগিচা আৰু কাৰখানা আছে। ইয়াৰে ভিতৰত ৩১ মাৰ্চ, ২০২৪লৈকে ১৯০খন বাগিচা আৰু কাৰখানাৰ কৰ্তৃপক্ষই শ্ৰমিকৰ ভৱিষ্যনিধিৰ ধন জমা দিয়া নাছিল। নিয়ম অনুসৰি শ্ৰমিকৰ দৰমহাৰ পৰা কৰ্তন কৰা ১২ শতাংশ আৰু মালিকপক্ষৰ ১২ শতাংশ মিলি মুঠ ২৪ শতাংশ ধন ভৱিষ্যনিধিৰ একাউণ্টত জমা হ'ব লাগে।
নিৰ্ধাৰিত সময়ত ধন জমা নকৰা বাগিচাসমূহক জাননী প্ৰেৰণ কৰাৰ উপৰি আইনী ব্যৱস্থা আৰু ৰিকভাৰী ব্যৱস্থাৰ জৰিয়তে বকেয়া ধন আদায়ৰ পদক্ষেপ লোৱা হৈছে। এই সন্দৰ্ভত ইতিমধ্যে ৫২খন চাহ বাগিচা আৰু কাৰখানা কৰ্তৃপক্ষৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ অধীনত আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু ৫৩খনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে।
বকেয়া ধন আদায়ৰ বাবে বিভাগে ৪২খন চাহ বাগিচাৰ সম্পত্তি বাজেয়াপ্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। ইয়াৰে ১০খন বাগিচা অনলাইন ৰাজহুৱা নিলামৰ জৰিয়তে বিক্ৰী কৰি ধন আদায় কৰা হৈছে। আনহাতে ১৪খন বাগিচাত ৰিচিভাৰ নিযুক্তি দি কাম-কাজ চলাই থকা হৈছে আৰু ১০খন বাগিচাৰ পৰিচালনাৰ দায়িত্ব আন পক্ষক হস্তান্তৰ কৰা হৈছে। ইপিনে, বকেয়া ধন আদায় দিয়াৰ পাছত ৮খন বাগিচাৰ সম্পত্তি বাজেয়াপ্তৰ নিৰ্দেশ প্ৰত্যাহাৰ কৰা হৈছে।
ইয়াৰ উপৰি চৰকাৰী তথ্যত ৰাজ্যৰ বাগিচাসমূহত চিকিৎসকৰ উপলব্ধতাক লৈও তথ্য দাঙি ধৰা হৈছে। তালিকা অনুসৰি কিছুমান বাগিচাত স্থায়ী চিকিৎসক নথকাৰ বিপৰীতে কেৱল ভিজিটিং ডাক্তৰৰ ব্যৱস্থা আছে আৰু কিছুমানত এজন বা দুজন চিকিৎসক আছে। অৱশ্যে এই নথিত শ্ৰমিকৰ মজুৰি, বাসগৃহ, বিশুদ্ধ খোৱাপানী, অনাময় ব্যৱস্থা আৰু শিক্ষাৰ দৰে অন্যান্য মৌলিক সুবিধাৰ সম্পূৰ্ণ পৰিসংখ্যা সন্নিৱিষ্ট কৰা হোৱা নাই।