অসম

উচ্ছেদৰ বিৰুদ্ধে ধুবুৰীত AAMSUৰ প্ৰতিবাদ, পুনৰ সংস্থাপনৰ দাবীত উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও

NewzNow · ২৭ নৱেম্বৰ ২০২৬

১ / ৫

ধুবুৰীত উচ্ছেদ বন্ধ আৰু গৃহহীন লোকৰ পুনৰ সংস্থাপনৰ দাবীত আমছুৱে বিশাল প্ৰতিবাদী সমদল উলিয়াই জিলা আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰে।

২ / ৫

ধুবুৰী, ২৭ নৱেম্বৰ: ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলত চলোৱা উচ্ছেদ অভিযানৰ বিৰুদ্ধে শুকুৰবাৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে (আমছু) এক বিশাল প্ৰতিবাদী সমদল উলিয়ায়।

৩ / ৫

প্ৰতিবাদৰ অন্তত আমছুৰ প্ৰতিনিধিয়ে অসমৰ মুখ্যমন্ত্ৰীলৈ বুলি ধুবুৰীৰ জিলা আয়ুক্তৰ জৰিয়তে এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে।

৪ / ৫

স্মাৰক-পত্ৰত উল্লেখ কৰা অনুসৰি, চিকাৰকুটা-চাৰুৱাবাক্ৰা অঞ্চলত প্ৰায় ৩,৫০০ বিঘা চৰকাৰী খাছ মাটি, ১,৭০০ বিঘা পট্টা মাটি আৰু ২০০ বিঘা আবণ্টিত ভূমিৰ পৰা প্ৰায় ১,৩৫৫টা পৰিয়ালক উচ্ছেদ কৰা হৈছে।

৫ / ৫

তদুপৰি আলমগঞ্জৰ ৰাঙামাটি অঞ্চলত প্ৰায় ১,৫০০ বিঘা চৰকাৰী খাছ ভূমিৰ পৰা প্ৰায় ৬৫০টা পৰিয়ালক উচ্ছেদ কৰা হৈছিল বুলি স্মাৰক-পত্ৰত উল্লেখ কৰা হৈছে।

উচ্ছেদৰ বিৰুদ্ধে ধুবুৰীত AAMSUৰ প্ৰতিবাদ, পুনৰ সংস্থাপনৰ দাবীত উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক