ধুবুৰী, ২৭ নৱেম্বৰ: ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলত চলোৱা উচ্ছেদ অভিযানৰ বিৰুদ্ধে শুকুৰবাৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে (আমছু) এক বিশাল প্ৰতিবাদী সমদল উলিয়ায়। উচ্ছেদৰ ফলত গৃহহীন হৈ পৰা পৰিয়ালসমূহক পুনৰ সংস্থাপন দিয়া আৰু উচ্ছেদ অভিযান বন্ধ কৰাৰ দাবীত সংগঠনটোৰ হাজাৰ হাজাৰ কৰ্মী-সমৰ্থকে জিলা আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদৰ অন্তত আমছুৰ প্ৰতিনিধিয়ে অসমৰ মুখ্যমন্ত্ৰীলৈ বুলি ধুবুৰীৰ জিলা আয়ুক্তৰ জৰিয়তে এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে। স্মাৰক-পত্ৰখনত জিলাখনত চলোৱা উচ্ছেদৰ ফলত হাজাৰ হাজাৰ পৰিয়াল গৃহহীন হোৱা বুলি দাবী কৰা হয়। ইয়াৰ উপৰি আশ্ৰয়হীন লোকসকলে এতিয়া পৰ্যাপ্ত আশ্ৰয়, খোৱাপানী, অনাময় ব্যৱস্থা আৰু স্বাস্থ্যসেৱাৰ অভাৱত চৰম দুৰ্দশাৰ মাজত দিন কটোৱা বুলি সংগঠনটোৱে উল্লেখ কৰে।
স্মাৰক-পত্ৰত উল্লেখ কৰা অনুসৰি, চিকাৰকুটা-চাৰুৱাবাক্ৰা অঞ্চলত প্ৰায় ৩,৫০০ বিঘা চৰকাৰী খাছ মাটি, ১,৭০০ বিঘা পট্টা মাটি আৰু ২০০ বিঘা আবণ্টিত ভূমিৰ পৰা প্ৰায় ১,৩৫৫টা পৰিয়ালক উচ্ছেদ কৰা হৈছে। এই উচ্ছেদৰ ফলত চাৰিখন বিদ্যালয়, চাৰিখন মছজিদ, তিনিখন মাদ্ৰাছা, তিনিটা কবৰস্থান, দুখন ঈদগাহ আৰু দুটা অংগনৱাড়ী কেন্দ্ৰকে ধৰি কেইবাটাও প্ৰতিষ্ঠান ক্ষতিগ্ৰস্ত হৈছে বুলি আমছুৱে দাবী কৰে। উচ্ছেদিত বহু লোকে এতিয়াও অস্থায়ী শিবিৰত বাস কৰি আছে আৰু শিবিৰত থকা অৱস্থাতে ছাকিনা খাতুন নামৰ এগৰাকী মহিলাৰ মৃত্যু হোৱা বুলিও সংগঠনটোৱে জনায়।
তদুপৰি আলমগঞ্জৰ ৰাঙামাটি অঞ্চলত প্ৰায় ১,৫০০ বিঘা চৰকাৰী খাছ ভূমিৰ পৰা প্ৰায় ৬৫০টা পৰিয়ালক উচ্ছেদ কৰা হৈছিল বুলি স্মাৰক-পত্ৰত উল্লেখ কৰা হৈছে। অঞ্চলটোৰ ঐতিহাসিক গুৰুত্ব থকা দৰগাহ, কবৰস্থান আৰু ঈদগাহৰ সৈতে জড়িত স্থানসমূহ সংৰক্ষণ কৰিবলৈ সংগঠনটোৱে দাবী জনায়।
স্মাৰক-পত্ৰখনত চাপৰ-ফালিমাৰী অঞ্চলত হ'বলগীয়া প্ৰস্তাৱিত উচ্ছেদ অভিযানক লৈও গভীৰ উদ্বেগ প্ৰকাশ কৰা হৈছে। সংগঠনটোৰ মতে, প্ৰায় ২,৮০০ৰ পৰা ৩,০০০ বিঘা ভূমিত বসবাস কৰা প্ৰায় ২,০০০টা পৰিয়াল এই অভিযানৰ ফলত ক্ষতিগ্ৰস্ত হ'ব পাৰে। ইয়াৰে প্ৰায় ৭০০টা পৰিয়ালৰ পট্টা মাটি আছে আৰু ইতিমধ্যে ছখন গাঁৱৰ ১৫০টাতকৈ অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী প্ৰেৰণ কৰা হৈছে বুলি কোৱা হৈছে।
আমছুৱে প্ৰস্তাৱিত উচ্ছেদ অভিযান স্থগিত ৰখাৰ লগতে গৃহহীন পৰিয়ালসমূহক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত পুনৰ সংস্থাপন দিয়া, যোগ্য ভূমিহীন পৰিয়ালক পট্টা প্ৰদান কৰা আৰু ক্ষতিগ্ৰস্তসকলক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবী জনায়। একেদৰে ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে খাদ্য, খোৱাপানী, আশ্ৰয় আৰু চিকিৎসাৰ ব্যৱস্থা কৰাৰ লগতে পুনৰ সংস্থাপনৰ কাম তদাৰক কৰিবলৈ এখন প্ৰশাসনিক সমিতি গঠনৰো আহ্বান জনায়।