ত্ৰিপুৰাৰ পৌৰ নিৰ্বাচনত ব্যাপক হিংসা আৰু ভোট লুটৰ অভিযোগ তুলি শাসকীয় বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে কংগ্ৰেছ বিধায়ক সুদীপ ৰায় বৰ্মন।
আগৰতলা, ২৭ নৱেম্বৰ: ত্ৰিপুৰাৰ পৌৰ নিৰ্বাচনত ব্যাপক হিংসা, ভোটাৰক ভয়-ভাবুকি প্ৰদৰ্শন আৰু ভোটকেন্দ্ৰ দখলৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ বিধায়ক সুদীপ ৰায় বৰ্মনে।
কংগ্ৰেছ বিধায়কগৰাকীয়ে মহিলাৰ ওপৰতো আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে।
২০২১ চনৰ আগৰতলা পৌৰ নিগমৰ নিৰ্বাচনৰ পৰিস্থিতিৰ সৈতে তুলনা কৰি বৰ্মনে কয় যে এইবাৰৰ নিৰ্বাচনত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে।
ইয়াৰ উপৰি জিলা নিৰ্বাচনী বিষয়া, আৰক্ষী সঞ্চালকপ্ৰধান আৰু আন বিষয়াসকলৰ নিৰপেক্ষতাক লৈও তেওঁ সন্দেহ প্ৰকাশ কৰে।
newznow.in