আগৰতলা, ২৭ নৱেম্বৰ: ত্ৰিপুৰাৰ পৌৰ নিৰ্বাচনত ব্যাপক হিংসা, ভোটাৰক ভয়-ভাবুকি প্ৰদৰ্শন আৰু ভোটকেন্দ্ৰ দখলৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ বিধায়ক সুদীপ ৰায় বৰ্মনে। শুকুৰবাৰে তেওঁ শাসকীয় বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনী অনিয়মৰ অভিযোগ তুলি ভোটাৰসকলক গণতান্ত্ৰিক অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে বুলি দাবী কৰে। বিধায়কগৰাকীৰ অভিযোগ অনুসৰি, পুৱা প্ৰায় ৫ বজাৰ পৰাই ভোটকেন্দ্ৰলৈ যাবলৈ ওলোৱা কেইবাজনো লোকৰ ওপৰত আক্ৰমণ চলোৱা হয়। ভোটদানৰ বাবে শাৰীত থিয় হৈ থকা লোকসকলক টানি উলিয়াই দিয়া, ভোটকেন্দ্ৰত প্ৰৱেশত বাধা দিয়া আৰু শাৰীৰিক তথা মৌখিকভাৱে অপদস্থ কৰাৰ ঘটনা সংঘটিত হৈছে বুলি তেওঁ উল্লেখ কৰে।

কংগ্ৰেছ বিধায়কগৰাকীয়ে মহিলাৰ ওপৰতো আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে। তেওঁৰ দাবী অনুসৰি, এটা সংঘৰ্ষৰ সময়ত এগৰাকী মহিলাক আক্ৰমণ কৰি ঘুচিয়াই দাঁত ভাঙি দিয়া হয়। ভোটাৰসকলক সন্ত্ৰস্ত কৰিবলৈ লাঠী আৰু চোকা অস্ত্ৰ ব্যৱহাৰ কৰা হৈছিল বুলিও তেওঁ জনায়।

২০২১ চনৰ আগৰতলা পৌৰ নিগমৰ নিৰ্বাচনৰ পৰিস্থিতিৰ সৈতে তুলনা কৰি বৰ্মনে কয় যে এইবাৰৰ নিৰ্বাচনত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। নিৰাপত্তা ব্যৱস্থাক লৈ প্ৰশ্ন তুলি তেওঁ অভিযোগ কৰে যে নিৰ্বাচনৰ বাবে অতিৰিক্ত ২৫ কোম্পানী নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছিল যদিও হিংসাৰ সময়ত আৰক্ষীৰ কোনো উপস্থিতি দেখা নগ'ল।

ইয়াৰ উপৰি জিলা নিৰ্বাচনী বিষয়া, আৰক্ষী সঞ্চালকপ্ৰধান আৰু আন বিষয়াসকলৰ নিৰপেক্ষতাক লৈও তেওঁ সন্দেহ প্ৰকাশ কৰে। এনে পৰিস্থিতিত ৰাজ্যিক নিৰ্বাচন আয়োগৰ কাষ চাপিলেও উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ'ব নে নাই, সেই সন্দৰ্ভতো তেওঁ সংশয় ব্যক্ত কৰে। সমগ্ৰ ঘটনাকেন্দ্ৰিক অভিযোগসমূহ দেশবাসীৰ সন্মুখত তুলি ধৰিবলৈও তেওঁ আহ্বান জনায়।