ৰাজনীতি

“সংসদখন মোদী-শ্বাহৰ নে?”: লোকসভাৰ আসন বৃদ্ধিৰ প্ৰস্তাৱক লৈ প্ৰশ্ন সাংসদ গৌৰৱ গগৈৰ

NewzNow · ২৭ নৱেম্বৰ ২০২৬

১ / ৫

লোকসভাৰ সদস্য সংখ্যা ৮০০ৰো অধিক কৰাৰ প্ৰস্তাৱ আৰু সংসদীয় অধিৱেশনৰ কাৰ্যসূচীক লৈ চৰকাৰক তীব্ৰ সমালোচনা সাংসদ গৌৰৱ গগৈৰ।

২ / ৫

গুৱাহাটী, ২৭ নৱেম্বৰ: লোকসভাৰ সদস্য সংখ্যা ৮০০ৰো অধিক কৰাৰ কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱক লৈ প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছ সাংসদ তথা লোকসভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈয়ে।

৩ / ৫

সামাজিক মাধ্যমত দিয়া এক পোষ্টত গগৈয়ে লোকসভাৰ আসন বৃদ্ধিৰ প্ৰস্তাৱৰ প্ৰভাৱক লৈ উদ্বেগ প্ৰকাশ কৰে।

৪ / ৫

ইয়াৰ উপৰি প্ৰস্তাৱিত চাৰিদিনীয়া সংসদীয় অধিৱেশনক লৈও সাংসদগৰাকীয়ে চৰকাৰক সমালোচনা কৰে।

৫ / ৫

সংবিধান প্ৰণেতা ড০ বি আৰ আম্বেদকাৰক দেশে শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছদিনাই এই জাননী প্ৰকাশ পোৱা বুলি উল্লেখ কৰি গগৈয়ে সংসদখন কাৰ স্বাৰ্থত চলিছে বুলি প্ৰশ্ন তোলে।

“সংসদখন মোদী-শ্বাহৰ নে?”: লোকসভাৰ আসন বৃদ্ধিৰ প্ৰস্তাৱক লৈ প্ৰশ্ন সাংসদ গৌৰৱ গগৈৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক