গুৱাহাটী, ২৭ নৱেম্বৰ: লোকসভাৰ সদস্য সংখ্যা ৮০০ৰো অধিক কৰাৰ কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱক লৈ প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছ সাংসদ তথা লোকসভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈয়ে। সংসদৰ সদস্য সংখ্যা বৃদ্ধি কৰিলে দেশৰ জনসাধাৰণৰ প্ৰতিনিধিত্ব অধিক উন্নত হ'বনে, সংসদীয় আলোচনা অধিক ফলপ্ৰসূ হ'বনে আৰু চৰকাৰৰ জবাবদিহিতা বৃদ্ধি পাবনে—সেই সন্দৰ্ভত তেওঁ প্ৰশ্ন তোলে।
সামাজিক মাধ্যমত দিয়া এক পোষ্টত গগৈয়ে লোকসভাৰ আসন বৃদ্ধিৰ প্ৰস্তাৱৰ প্ৰভাৱক লৈ উদ্বেগ প্ৰকাশ কৰে। তেওঁৰ মতে, সংসদৰ সদস্য সংখ্যা বৃদ্ধি কৰিলেই আইন প্ৰণয়নৰ ক্ষেত্ৰত অধিক পৰীক্ষা-নিৰীক্ষা আৰু সংবিধানৰ সুৰক্ষা নিশ্চিত হ'ব বুলি ক'ব নোৱাৰি। এই প্ৰস্তাৱত ৰাষ্ট্ৰীয় স্বাৰ্থতকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ স্বাৰ্থকহে অগ্ৰাধিকাৰ দিয়া হৈছে বুলিও তেওঁ অভিযোগ কৰে।
ইয়াৰ উপৰি প্ৰস্তাৱিত চাৰিদিনীয়া সংসদীয় অধিৱেশনক লৈও সাংসদগৰাকীয়ে চৰকাৰক সমালোচনা কৰে। লোকসভা সচিবালয়ে প্ৰকাশ কৰা জাননীৰ কথা উল্লেখ কৰি তেওঁ কয় যে এই অধিৱেশনত প্ৰশ্নোত্তৰ কাল, শূন্য কাল আৰু বেচৰকাৰী সদস্যৰ বিধেয়কৰ ব্যৱস্থা নাথাকিব। সংসদীয় অধিৱেশনৰ এনে ব্যৱস্থাক লৈ তেওঁ অসন্তুষ্টি ব্যক্ত কৰে।
সংবিধান প্ৰণেতা ড০ বি আৰ আম্বেদকাৰক দেশে শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছদিনাই এই জাননী প্ৰকাশ পোৱা বুলি উল্লেখ কৰি গগৈয়ে সংসদখন কাৰ স্বাৰ্থত চলিছে বুলি প্ৰশ্ন তোলে। উল্লেখ্য যে লোকসভাৰ আসন বৃদ্ধি আৰু মহিলা সংৰক্ষণ ব্যৱস্থা কাৰ্যকৰী কৰাৰ পৰিকল্পনাক লৈ চলি থকা ৰাজনৈতিক চৰ্চাৰ মাজতে কংগ্ৰেছ সাংসদগৰাকীয়ে এই মন্তব্য কৰে।