শিৱসাগৰৰ ৰজাদিনীয়া যমুনাৰ সংৰক্ষিত ভূমি লোক নিৰ্মাণ বিভাগে বেদখল কৰাৰ অভিযোগ উত্থাপন কৰিছে আটাছুৱে।
শিৱসাগৰৰ ঐতিহ্যমণ্ডিত ৰজাদিনীয়া যমুনাৰ সংৰক্ষিত ভূমি বেদখলৰ অভিযোগক লৈ নতুনকৈ বিতৰ্কৰ সৃষ্টি হৈছে।
আটাছুৰ অভিযোগ অনুসৰি, যমুনাৰ সংৰক্ষিত ভূমিত লোক নিৰ্মাণ বিভাগৰ কৰ্মচাৰীৰ এটা পৰিত্যক্ত আৱাসগৃহ আছে।
যমুনাৰ ভূমি বেদখলমুক্ত কৰাৰ দাবীত আটাছুৱে ইতিমধ্যে প্ৰতিবাদ অব্যাহত ৰাখিছে।
যমুনাৰ সংৰক্ষিত ভূমিত চৰকাৰী বিভাগৰ আৱাসগৃহ থকাৰ অভিযোগ উত্থাপন হোৱাৰ পাছত বিষয়টোক লৈ সৰৱ হৈ পৰিছে আটাছু।
newznow.in