শিৱসাগৰ, ৪ নৱেম্বৰ, ২০২৬:
যমুনাৰ ভূমি বেদখলৰ অভিযোগত নতুন বিতৰ্ক
শিৱসাগৰৰ ঐতিহ্যমণ্ডিত ৰজাদিনীয়া যমুনাৰ সংৰক্ষিত ভূমি বেদখলৰ অভিযোগক লৈ নতুনকৈ বিতৰ্কৰ সৃষ্টি হৈছে। এইবাৰ শিৱসাগৰ লোক নিৰ্মাণ বিভাগৰ বিৰুদ্ধে যমুনাৰ ভূমি বেদখল কৰাৰ অভিযোগ উত্থাপন কৰিছে সদৌ তাই আহোম ছাত্ৰ সন্থাই (আটাছু)।
আটাছুৰ অভিযোগ অনুসৰি, যমুনাৰ সংৰক্ষিত ভূমিত লোক নিৰ্মাণ বিভাগৰ কৰ্মচাৰীৰ এটা পৰিত্যক্ত আৱাসগৃহ আছে। যমুনাৰ বেদখল উচ্ছেদৰ দাবীত আন্দোলন চলি থকাৰ সময়তে চৰকাৰী বিভাগৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগে নতুন প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
যমুনাৰ ভূমি বেদখলমুক্ত কৰাৰ দাবীত আটাছুৱে ইতিমধ্যে প্ৰতিবাদ অব্যাহত ৰাখিছে। দাবী পূৰণৰ বাবে সংগঠনটোৱে ৬ নৱেম্বৰত শিৱসাগৰ বন্ধৰ আহ্বান জনাইছে। বন্ধৰ জৰিয়তে আন্দোলন অধিক তীব্ৰতৰ কৰাৰ সিদ্ধান্ত লৈছে সংগঠনটোৱে।
চৰকাৰী বিভাগৰ বিৰুদ্ধেও সৰৱ আটাছু
যমুনাৰ সংৰক্ষিত ভূমিত চৰকাৰী বিভাগৰ আৱাসগৃহ থকাৰ অভিযোগ উত্থাপন হোৱাৰ পাছত বিষয়টোক লৈ সৰৱ হৈ পৰিছে আটাছু। সংগঠনটোৰ দাবী, যমুনাৰ সৌন্দৰ্যবৰ্ধন তেতিয়াহে সম্ভৱ হ’ব, যেতিয়া সমগ্ৰ অঞ্চলটো সম্পূৰ্ণৰূপে বেদখলমুক্ত কৰা হ’ব।
বেদখলমুক্ত কৰাৰ দাবীত আন্দোলন অব্যাহত
যমুনাৰ প্ৰতিটো বেদখল উচ্ছেদ কৰি ইয়াৰ ঐতিহ্য আৰু সৌন্দৰ্য ঘূৰাই অনাৰ দাবী জনাইছে আটাছুৱে।