অসম

একশ্যন মুডত ডিগবৈ পৌৰসভা। ডাম্পিং গ্ৰাউণ্ড সদৃশ কৰ্দয্যময় লাচিত নগৰত চলালে চাফাই অভিযান।

NewzNow · ২৮ নৱেম্বৰ ২০২৬

১ / ৫

ডাম্পিং গ্ৰাউণ্ডলৈ পৰিণত ডিগবৈ লাচিত নগৰত আজি পুৱাৰ ভাগত একশ্যন মুডত পৰিলক্ষিত হল ডিগবৈ পৌৰসভা।

২ / ৫

ডিগবৈ চহৰৰ লাচিত নগৰলৈ সোমোৱা পথছোৱাৰ কাষৰ খালী মাটিডোখৰত একাংশ লোকে দীৰ্ঘদিন ধৰি লুকাই-চুৰকৈ জাবৰ পেলাই অহাৰ ফলত সমগ্ৰ অঞ্চলটোত অসহনীয় পৰিবেশৰ সৃষ্টি হৈ আহিছে।

৩ / ৫

ফলস্বৰূপে জাবৰ পেলোৱা ঠাইডোখৰৰ কাষতে অৱস্থিত আৰ ডি জুনিয়ৰ কলেজ, কলেজখনৰ ছাত্ৰাবাস আৰু বহু কেইটা বাসগৃহ আৰু প্ৰতিদিনে শ শ ছাত্ৰ-ছাত্ৰী, শিক্ষক- কৰ্মচাৰী আৰু স্থানীয় ৰাইজে গেলাপচা জাবৰৰ…

৪ / ৫

জাবৰ নেপেলাবলৈ বিভিন্ন সময়ত ঠাইডোখৰত জাননী আঁৰি থোৱা হৈছিল যদিও একাংশ লোকে সেই নিৰ্দেশনা আওকাণ কৰিয়েই পৰিবেশ বিনষ্ট কৰি আহিছে।

৫ / ৫

উক্ত বিষয়ক কেন্দ্ৰ কৰি আজি ডিগবৈ পৌৰসভাৰ উপ পৌৰপতি ডিম্পী সোণোৱালৰ তৎপৰতাত ডিগবৈ পৌৰসভাই তাৎক্ষণিকভাৱে জেচিবি সহ এটা চাফাই কৰ্মীৰ দল প্ৰেৰণ কৰে।

একশ্যন মুডত ডিগবৈ পৌৰসভা। ডাম্পিং গ্ৰাউণ্ড সদৃশ কৰ্দয্যময় লাচিত নগৰত চলালে চাফাই অভিযান।

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক