ডাম্পিং গ্ৰাউণ্ডলৈ পৰিণত ডিগবৈ লাচিত নগৰত আজি পুৱাৰ ভাগত একশ্যন মুডত পৰিলক্ষিত হল ডিগবৈ পৌৰসভা। ডিগবৈ চহৰৰ লাচিত নগৰলৈ সোমোৱা পথছোৱাৰ কাষৰ খালী মাটিডোখৰত একাংশ লোকে দীৰ্ঘদিন ধৰি লুকাই-চুৰকৈ জাবৰ পেলাই অহাৰ ফলত সমগ্ৰ অঞ্চলটোত অসহনীয় পৰিবেশৰ সৃষ্টি হৈ আহিছে। ফলস্বৰূপে জাবৰ পেলোৱা ঠাইডোখৰৰ কাষতে অৱস্থিত আৰ ডি জুনিয়ৰ কলেজ, কলেজখনৰ ছাত্ৰাবাস আৰু বহু কেইটা বাসগৃহ আৰু প্ৰতিদিনে শ শ ছাত্ৰ-ছাত্ৰী, শিক্ষক- কৰ্মচাৰী আৰু স্থানীয় ৰাইজে গেলাপচা জাবৰৰ দুৰ্গন্ধৰ মাজেৰে নাকত ৰুমাল দি অহা-যোৱা কৰিবলগীয়া হয়। জাবৰ নেপেলাবলৈ বিভিন্ন সময়ত ঠাইডোখৰত জাননী আঁৰি থোৱা হৈছিল যদিও একাংশ লোকে সেই নিৰ্দেশনা আওকাণ কৰিয়েই পৰিবেশ বিনষ্ট কৰি আহিছে। উক্ত বিষয়ক কেন্দ্ৰ কৰি আজি ডিগবৈ পৌৰসভাৰ উপ পৌৰপতি ডিম্পী সোণোৱালৰ তৎপৰতাত ডিগবৈ পৌৰসভাই তাৎক্ষণিকভাৱে জেচিবি সহ এটা চাফাই কৰ্মীৰ দল প্ৰেৰণ কৰে। ডিগবৈ পৌৰসভাৰ চুপাৰভাইজাৰ পোণা দাসৰ নেতৃত্বত চাফাই কৰ্মীৰ দলটোৱে জাবৰ পেলাই জনজীৱনলৈ ভাবুকি কঢ়িয়াই অনা ডাম্পিং গ্ৰাউণ্ড সদৃশ লাচিত নগৰত উপস্থিত হৈ কৰ্দয্যময় এলেকাটো সম্পূৰ্ণ চফা কৰি দিয়াৰ লগতে ঠাইটুকুৰাত বাঁহৰ বেৰা সহ গ্ৰীণ স্ক্ৰীণ লগাই দি জাবৰ নেপেলাবৰ বাবে জাননী আঁৰি দিয়ে। অঞ্চলটোৰ একাংশ লোকে কু-অভ্যাস ত্যাগ নকৰাৰ বাবে অঞ্চলবাসীয়ে দীৰ্ঘদিন ধৰি হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে।ডিগবৈ পৌৰসভাই স্বচ্ছ অভিযানৰ অধীনত নগৰখন চাফ-চিকুণ কৰি ৰাখিবলৈ অহৰহ প্ৰচেষ্টা চলাই আছে যদিও একাংশ লোকৰ এনে কাৰ্যৰ বাবে নগৰখনৰ সৌন্দৰ্য ম্লান পৰা পৰিলক্ষিত হয়। আজি ডিগবৈ পৌৰসভাই তাৎক্ষণিক ভাৱে গ্ৰহণ কৰা পদক্ষেপক স্থানীয় সচেতন লোকসকলে ধন্যবাদ জনাইছে।
একশ্যন মুডত ডিগবৈ পৌৰসভা। ডাম্পিং গ্ৰাউণ্ড সদৃশ কৰ্দয্যময় লাচিত নগৰত চলালে চাফাই অভিযান।
📍 ডিগবৈ · তিনিচুকীয়া
খবৰটো উপযোগী হ'লে আপোনাৰ পৰিয়াল আৰু বন্ধুৰ সৈতে শ্বেয়াৰ কৰক।
এই খবৰটো আন ভাষাত: English · हिन्दी · বাংলা
📱 ছবিৰে চাওক (ৱেব ষ্ট'ৰী)ভুল দেখিছে? আমাক জনাওক।