শীতৰ আগমনৰ লগে লগে শিৱসাগৰৰ ঐতিহাসিক পহুগড়ৰ জলাশয়লৈ আগমন ঘটিছে বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাইৰ।
শিৱসাগৰ: শীতৰ আগমনৰ লগে লগে শিৱসাগৰৰ ঐতিহাসিক পহুগড়ত আৰম্ভ হৈছে পৰিভ্ৰমী চৰাইৰ কলৰৱ।
ইতিমধ্যে পহুগড়ৰ বিভিন্ন জলাশয়ত দেখা গৈছে বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাই।
উল্লেখযোগ্য যে, আহোম শাসনকালত স্বৰ্গদেউসকলে বন্য জীৱ-জন্তু আৰু চৰাই-চিৰিকটিৰ সংৰক্ষণৰ উদ্দেশ্যে ঐতিহাসিক পহুগড় নিৰ্মাণ কৰিছিল।
সময়ৰ পৰিৱৰ্তনৰ লগে লগে পহুগড়ৰ চৌপাশৰ পৰিৱেশৰ যথেষ্ট পৰিৱৰ্তন ঘটিছে যদিও শীতকালত পৰিভ্ৰমী চৰাইৰ আগমন আজিও অব্যাহত আছে।
newznow.in