শিৱসাগৰ: শীতৰ আগমনৰ লগে লগে শিৱসাগৰৰ ঐতিহাসিক পহুগড়ত আৰম্ভ হৈছে পৰিভ্ৰমী চৰাইৰ কলৰৱ। শীতকালীন অতিথি চৰাইৰ আগমনে ঐতিহাসিক স্থানখনৰ জলাশয়সমূহৰ লগতে সমগ্ৰ পৰিৱেশ মনোমোহা কৰি তুলিছে।

ইতিমধ্যে পহুগড়ৰ বিভিন্ন জলাশয়ত দেখা গৈছে বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাই। ইয়াৰ ভিতৰত দেওৰাজ হাঁহ, শেৱালী হাঁহ আৰু চাকৈচকোৱাৰ দৰে চৰাইৰ উপস্থিতিয়ে প্ৰকৃতিপ্ৰেমীসকলৰ দৃষ্টি আকৰ্ষণ কৰিছে। প্ৰতি বছৰে শীতকালত দূৰ-দূৰণিৰ পৰা অহা এই চৰাইসমূহে পহুগড়ক এক আকৰ্ষণীয় চৰাইৰ বিচৰণস্থলীত পৰিণত কৰে।

উল্লেখযোগ্য যে, আহোম শাসনকালত স্বৰ্গদেউসকলে বন্য জীৱ-জন্তু আৰু চৰাই-চিৰিকটিৰ সংৰক্ষণৰ উদ্দেশ্যে ঐতিহাসিক পহুগড় নিৰ্মাণ কৰিছিল। সেয়েহে এই স্থানখনে কেৱল ঐতিহাসিক গুৰুত্বই নহয়, প্ৰাকৃতিক সম্পদ আৰু জীৱবৈচিত্ৰ্যৰ ক্ষেত্ৰতো বিশেষ তাৎপৰ্য বহন কৰি আহিছে।

সময়ৰ পৰিৱৰ্তনৰ লগে লগে পহুগড়ৰ চৌপাশৰ পৰিৱেশৰ যথেষ্ট পৰিৱৰ্তন ঘটিছে যদিও শীতকালত পৰিভ্ৰমী চৰাইৰ আগমন আজিও অব্যাহত আছে। এই চৰাইসমূহৰ সুৰক্ষা আৰু প্ৰাকৃতিক বাসস্থান সংৰক্ষণৰ ক্ষেত্ৰত সচেতনতা বৃদ্ধিৰ প্ৰয়োজনীয়তাও পুনৰ চৰ্চালৈ আহিছে।