অসম

ৰাসোৎসৱক লৈ সত্ৰনগৰী মাজুলীত ব্যাপক উছাহ

NewzNow · ২৮ নৱেম্বৰ ২০২৬

১ / ৫

ৰাসোৎসৱৰ আনন্দত মতলীয়া হৈ পৰিছে মাজুলী।

২ / ৫

মাজুলীত ৰাসোৎসৱৰ উলহ-মালহ: ভক্তি আৰু আধ্যাত্মিকতাৰে মুখৰিত সত্ৰনগৰীমাজুলী: শ্ৰীকৃষ্ণৰ ৰাসোৎসৱক কেন্দ্ৰ কৰি ঐতিহ্যমণ্ডিত নদীদ্বীপ মাজুলীত সৃষ্টি হৈছে এক উখল-মাখল পৰিৱেশ।

৩ / ৫

ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি আৰু উদযাপনক লৈ সমগ্ৰ সত্ৰনগৰী এতিয়া উৎসৱমুখৰ হৈ পৰিছে।

৪ / ৫

মাজুলীৰ সত্ৰসমূহৰ পৰা আৰম্ভ কৰি বিভিন্ন ৰাসমঞ্চলৈকে সকলোতে দেখা গৈছে উৎসাহ-উদ্দীপনা।ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মাজুলীতো পৰম ভক্তি আৰু শ্ৰদ্ধাৰে পালন কৰা হৈছে শ্ৰীকৃষ্ণৰ ৰাসোৎসৱ।

৫ / ৫

হৰিনাম, হৰিধ্বনি, ভক্তিমূলক গীত-মাত আৰু নাম-প্ৰসংগৰে মুখৰিত হৈ পৰিছে সমগ্ৰ নদীদ্বীপ।

ৰাসোৎসৱক লৈ সত্ৰনগৰী মাজুলীত ব্যাপক উছাহ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক