মাজুলী: শ্ৰীকৃষ্ণৰ ৰাসোৎসৱক কেন্দ্ৰ কৰি ঐতিহ্যমণ্ডিত নদীদ্বীপ মাজুলীত সৃষ্টি হৈছে এক উখল-মাখল পৰিৱেশ। ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি আৰু উদযাপনক লৈ সমগ্ৰ সত্ৰনগৰী এতিয়া উৎসৱমুখৰ হৈ পৰিছে। মাজুলীৰ সত্ৰসমূহৰ পৰা আৰম্ভ কৰি বিভিন্ন ৰাসমঞ্চলৈকে সকলোতে দেখা গৈছে উৎসাহ-উদ্দীপনা।
ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মাজুলীতো পৰম ভক্তি আৰু শ্ৰদ্ধাৰে পালন কৰা হৈছে শ্ৰীকৃষ্ণৰ ৰাসোৎসৱ। হৰিনাম, হৰিধ্বনি, ভক্তিমূলক গীত-মাত আৰু নাম-প্ৰসংগৰে মুখৰিত হৈ পৰিছে সমগ্ৰ নদীদ্বীপ। চৌদিশে বিৰাজ কৰিছে এক আধ্যাত্মিক আৰু ভক্তিময় পৰিৱেশ।
মাজুলীৰ ঐতিহ্যমণ্ডিত সত্ৰসমূহত ৰাসলীলাৰ মনোমোহা পৰিৱেশে বিশেষ আকৰ্ষণৰ সৃষ্টি কৰিছে। পৰম্পৰাগত সাজ-পোছাক, অভিনয় আৰু ধৰ্মীয় পৰিৱেশে ৰাসোৎসৱৰ সৌন্দৰ্য অধিক বৃদ্ধি কৰিছে। এই উৎসৱ উপভোগ কৰিবলৈ স্থানীয় ৰাইজৰ লগতে বিভিন্ন প্ৰান্তৰ ভক্ত আৰু দৰ্শনাৰ্থীৰো সমাগম ঘটিছে।
উল্লেখ্য যে, ৰাসোৎসৱ কেৱল ধৰ্মীয় উৎসৱেই নহয়, ই মাজুলীৰ চহকী সাংস্কৃতিক ঐতিহ্য, সত্ৰীয়া পৰম্পৰা আৰু বৈষ্ণৱ সংস্কৃতিৰ এক অন্যতম পৰিচয়।