লামডিঙ মণ্ডলৰ অন্তৰ্গত পাহাৰীয়া অংশত মালবাহী ৰে'ল লাইনচ্যুত হোৱাৰ ফলত ১১ খন ৰে'ল বাতিল আৰু চাৰিখনৰ যাত্ৰা সীমিত কৰা হৈছে।
লামডিঙ, ২৮ নৱেম্বৰ: উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ লামডিঙ সংমণ্ডলৰ অন্তৰ্গত লামডিঙ-বদৰপুৰ পাহাৰীয়া ৰে'লপথত শুকুৰবাৰে নিশা এক মালবাহী ৰে'লৰ দবা লাইনচ্যুত হোৱাৰ ফলত ৰে'ল চলাচল ব্যাহত হৈ পৰে।
উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য জনসংযোগ বিষয়া কপিন্দ্ৰল কিশোৰ শৰ্মাই এক প্ৰেছ বিজ্ঞপ্তিযোগে জনোৱা অনুসৰি, এই ঘটনাৰ বাবে ২৮ নৱেম্বৰৰ দিনটোত চলিবলগীয়া ১১ খন ৰে'লৰ যাত্ৰা বাতিল কৰা হৈছে।
একক লাইনৰ এই পথছোৱাত মালবাহী ৰে'লৰ দবা লাইনচ্যুত হোৱাৰ ফলত সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰে যাতায়াত।
এই পৰিপ্ৰেক্ষিতত উত্তৰ-পূব সীমান্ত ৰে'লৱেই যাত্ৰীসকলক এই পৰিৱৰ্তনসমূহৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আৰু যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে ৰে'লৰ সময়সূচী তথা স্থিতি সম্পৰ্কে নিশ্চিত তথ্য ল'বলৈ আহ্বান জনাইছে।
newznow.in