লামডিঙ, ২৮ নৱেম্বৰ: উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ লামডিঙ সংমণ্ডলৰ অন্তৰ্গত লামডিঙ-বদৰপুৰ পাহাৰীয়া ৰে'লপথত শুকুৰবাৰে নিশা এক মালবাহী ৰে'লৰ দবা লাইনচ্যুত হোৱাৰ ফলত ৰে'ল চলাচল ব্যাহত হৈ পৰে। বান্দৰখাল আৰু দামচেৰা ষ্টেচনৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনাটো।

উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য জনসংযোগ বিষয়া কপিন্দ্ৰল কিশোৰ শৰ্মাই এক প্ৰেছ বিজ্ঞপ্তিযোগে জনোৱা অনুসৰি, এই ঘটনাৰ বাবে ২৮ নৱেম্বৰৰ দিনটোত চলিবলগীয়া ১১ খন ৰে'লৰ যাত্ৰা বাতিল কৰা হৈছে। ইয়াৰ উপৰি আন চাৰিখন ৰে'লৰ যাত্ৰা আংশিকভাৱে বাতিল অৰ্থাৎ পূৰ্ব নিৰ্ধাৰিত স্থানলৈকে নগৈ মাজবাটতে সামৰণি মৰা হৈছে।

একক লাইনৰ এই পথছোৱাত মালবাহী ৰে'লৰ দবা লাইনচ্যুত হোৱাৰ ফলত সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰে যাতায়াত। ৰে'ল বিভাগৰ উদ্ধাৰকাৰী দলে বৰ্তমান লাইনচ্যুত হোৱা দবা আঁতৰাই স্বাভাৱিক চলাচল ঘূৰাই আনিবলৈ চেষ্টা অব্যাহত ৰাখিছে। অৱশ্যে অঞ্চলটো দুৰ্গম পাহাৰীয়া হোৱাৰ বাবে লাইনটো মেৰামতি কৰি চলাচল উপযোগী কৰি তুলিবলৈ কিছু সময়ৰ প্ৰয়োজন হ'ব পাৰে বুলি ৰে'ল কৰ্তৃপক্ষই সঁকিয়াই দিছে।

এই পৰিপ্ৰেক্ষিতত উত্তৰ-পূব সীমান্ত ৰে'লৱেই যাত্ৰীসকলক এই পৰিৱৰ্তনসমূহৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আৰু যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে ৰে'লৰ সময়সূচী তথা স্থিতি সম্পৰ্কে নিশ্চিত তথ্য ল'বলৈ আহ্বান জনাইছে।