দশম শ্ৰেণীৰ ভুৱা মাৰ্কশ্বীট বিক্ৰী কৰাৰ অভিযোগত মৰিগাঁও জিলাৰ জাগীৰোডৰ এজনসহ তিনিগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীৰ চিআইডিয়ে।
গুৱাহাটী: অসমত দশম শ্ৰেণীৰ ভুৱা মাৰ্কশ্বীট আৰু উত্তীৰ্ণৰ প্ৰমাণপত্ৰ প্ৰস্তুত কৰা এক বৃহৎ চক্ৰৰ বিৰুদ্ধে অভিযান চলাই অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে (চিআইডি) শুকুৰবাৰে তিনিজন লোকক…
অভিযানত গ্ৰেপ্তাৰ হোৱা আন দুজন অভিযুক্ত হৈছে বৰপেটা জিলাৰ দীপ কুমাৰ সৰকাৰ আৰু অভয়াপুৰীৰ উৎপল দাস।
অভিযোগ অনুসৰি, অভিযুক্তকেইজনে ধনৰ বিনিময়ত এই ভুৱা নথি-পত্ৰসমূহ শিক্ষাৰ্থীসকলক যোগান ধৰিছিল।
প্ৰাপ্ত তথ্য অনুসৰি, ৰাজ্যখনত ২০২৫-২৬ শিক্ষাবৰ্ষত ২,০৮৩ গৰাকী আৰু ২০২৬-২৭ শিক্ষাবৰ্ষত ২,৮৫১ গৰাকী শিক্ষাৰ্থীয়ে এনে ভুৱা নথি-পত্ৰৰে একাদশ শ্ৰেণীত নামভৰ্তি কৰিছিল।
newznow.in