গুৱাহাটী: অসমত দশম শ্ৰেণীৰ ভুৱা মাৰ্কশ্বীট আৰু উত্তীৰ্ণৰ প্ৰমাণপত্ৰ প্ৰস্তুত কৰা এক বৃহৎ চক্ৰৰ বিৰুদ্ধে অভিযান চলাই অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে (চিআইডি) শুকুৰবাৰে তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে। ধৃত লোককেইজনৰ ভিতৰত মৰিগাঁও জিলাৰ জাগীৰোডৰ ভাৰত গৌৰ নামৰ এজন ব্যক্তিও আছে।
অভিযানত গ্ৰেপ্তাৰ হোৱা আন দুজন অভিযুক্ত হৈছে বৰপেটা জিলাৰ দীপ কুমাৰ সৰকাৰ আৰু অভয়াপুৰীৰ উৎপল দাস। কাউন্সিল ফৰ দ্য ইণ্ডিয়ান স্কুল চাৰ্টিফিকেট একজামিনেচনছ চমুকৈ চিআইএছচিইৰ নামত ভুৱা মাৰ্কশ্বীট আৰু প্ৰমাণপত্ৰ প্ৰস্তুত কৰি বিক্ৰী কৰাৰ অভিযোগত চিআইডি আৰক্ষী থানাত পঞ্জীয়ন হোৱা ১০/২৬ নম্বৰ গোচৰৰ ভিত্তিত এই অভিযান চলোৱা হয়।
অভিযোগ অনুসৰি, অভিযুক্তকেইজনে ধনৰ বিনিময়ত এই ভুৱা নথি-পত্ৰসমূহ শিক্ষাৰ্থীসকলক যোগান ধৰিছিল। এই ভুৱা প্ৰমাণপত্ৰৰ জৰিয়তে ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানক বিভ্ৰান্ত কৰি একাদশ শ্ৰেণীত নামভৰ্তি কৰোৱা হৈছিল। এই চক্ৰটোৰ সৈতে চিআইএছচিইৰ কোনো বিষয়া বা আন ব্যক্তি জড়িত আছে নেকি, সেই দিশটো নিশ্চিত কৰিবলৈ চিআইডিয়ে তদন্ত অব্যাহত ৰাখিছে।
প্ৰাপ্ত তথ্য অনুসৰি, ৰাজ্যখনত ২০২৫-২৬ শিক্ষাবৰ্ষত ২,০৮৩ গৰাকী আৰু ২০২৬-২৭ শিক্ষাবৰ্ষত ২,৮৫১ গৰাকী শিক্ষাৰ্থীয়ে এনে ভুৱা নথি-পত্ৰৰে একাদশ শ্ৰেণীত নামভৰ্তি কৰিছিল। এই ঘটনা পোহৰলৈ অহাৰ পিছতে অসম ৰাজ্যিক স্কুল শিক্ষা ব'ৰ্ডে (এএছএছইবি) ভুৱা নথি ধৰা পৰিলে সংশ্লিষ্ট বিদ্যালয়সমূহক এজাহাৰ দাখিল কৰিবলৈ নিৰ্দেশ দিছে।
উল্লেখ্য যে জব্দ কৰা অধিকাংশই ভুৱা মাৰ্কশ্বীটত চিআইএছচিই ব'ৰ্ডৰ নাম ব্যৱহাৰ কৰা হৈছিল। নতুন দিল্লীত মুখ্য কাৰ্যালয় থকা চিআইএছচিই হৈছে এখন বেচৰকাৰী ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষা পৰিষদ, যাৰ অধীনত দেশজুৰি ৩,২০০ ৰো অধিক বিদ্যালয় আছে।