হাফলং চৰকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত যুৱ সংবাদত ১০৫ গৰাকী যুৱক-যুৱতীয়ে ড্ৰাগছমুক্ত সমাজ আৰু বিকশিত ভাৰতক লৈ আলোচনা কৰে।
হাফলং, ২৭ নৱেম্বৰ: সংবিধান দিৱসৰ উপলক্ষে ডিমা হাছাও জিলাৰ হাফলং চৰকাৰী মহাবিদ্যালয়ত বৃহস্পতিবাৰে ‘বিকশিত ভাৰত যুৱ সংবাদ’ শীৰ্ষক এক বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়।
কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনত আয়োজিত এই কাৰ্যসূচীৰ মূল উদ্দেশ্য আছিল দেশৰ উন্নয়ন যাত্ৰা আৰু ৰাষ্ট্ৰ নিৰ্মাণত যুৱ প্ৰজন্মৰ ভূমিকা সন্দৰ্ভত এক গঠনমূলক আলোচনাৰ সৃষ্টি…
অনুষ্ঠানত প্ৰমিথ চেংগুঙে ‘বিকশিত ভাৰত ২০৪৭’ বিষয়ত এক সাৰুৱা বক্তব্য তথা উপস্থাপন আগবঢ়ায়।
ইয়াৰ উপৰি তেওঁ বৰ্তমান সমাজত ড্ৰাগছ তথা নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰে কঢ়িয়াই অনা প্ৰত্যাহ্বানৰ বিষয়ে আলোকপাত কৰে।
newznow.in