হাফলং, ২৭ নৱেম্বৰ: সংবিধান দিৱসৰ উপলক্ষে ডিমা হাছাও জিলাৰ হাফলং চৰকাৰী মহাবিদ্যালয়ত বৃহস্পতিবাৰে ‘বিকশিত ভাৰত যুৱ সংবাদ’ শীৰ্ষক এক বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। মাই ভাৰত ডিমা হাছাওৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত ১০৫ গৰাকী ছাত্ৰ-ছাত্ৰী তথা যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰি বিকশিত ভাৰত ২০৪৭-ৰ লক্ষ্য আৰু ড্ৰাগছমুক্ত সমাজ গঢ়াৰ বিষয়ত বিস্তৃত আলোচনা আগবঢ়ায়।
কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনত আয়োজিত এই কাৰ্যসূচীৰ মূল উদ্দেশ্য আছিল দেশৰ উন্নয়ন যাত্ৰা আৰু ৰাষ্ট্ৰ নিৰ্মাণত যুৱ প্ৰজন্মৰ ভূমিকা সন্দৰ্ভত এক গঠনমূলক আলোচনাৰ সৃষ্টি কৰা।
অনুষ্ঠানত প্ৰমিথ চেংগুঙে ‘বিকশিত ভাৰত ২০৪৭’ বিষয়ত এক সাৰুৱা বক্তব্য তথা উপস্থাপন আগবঢ়ায়। তেওঁ দেশৰ দৰিদ্ৰতা নিৰ্মূল, সামাজিক-অৰ্থনৈতিক পৰিৱৰ্তন আৰু বাওঁপন্থী উগ্ৰবাদ দমনৰ ক্ষেত্ৰত ভাৰতে লাভ কৰা অগ্ৰগতিৰ কথা উল্লেখ কৰে।
ইয়াৰ উপৰি তেওঁ বৰ্তমান সমাজত ড্ৰাগছ তথা নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰে কঢ়িয়াই অনা প্ৰত্যাহ্বানৰ বিষয়ে আলোকপাত কৰে। এই ব্যাধিয়ে ব্যক্তি, পৰিয়াল আৰু সমগ্ৰ সমাজ জীৱনৰ ওপৰত কিদৰে বিৰূপ প্ৰভাৱ পেলাইছে, সেই সন্দৰ্ভতো তেওঁ যুৱ সমাজক সজাগ হ'বলৈ আহ্বান জনায়।