৩ কোটি বাংলাদেশী অনুপ্ৰৱেশকাৰী দেশত থকা বুলি অমিত শ্বাহে কৰা দাবীক লৈ প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী শ্বাহক প্ৰশ্ন সঞ্জয় সিঙৰ।
সঞ্জয় সিঙে প্ৰশ্ন কৰে, ১২ বছৰ ধৰি ক্ষমতাত থকাৰ পাছতো যদি চৰকাৰে এই অনুপ্ৰৱেশকাৰীসকলক চিনাক্ত কৰি উলিয়াব পৰা নাই, তেন্তে ইয়াৰ দায়িত্ব কোনে ল’ব?
সঞ্জয় সিঙে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক ৩ কোটি লোকৰ নাম ৰাজহুৱা কৰিবলৈও দাবী জনায়।
ৰাজহুৱা সভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে SIRৰ সময়ত ভোটাৰ তালিকাৰ পৰা বাদ পৰা প্ৰায় ৩ কোটি নাম বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বুলি দাবী কৰিছিল।
দেশৰ সৈতে ধেমালি কৰাৰ পৰিৱৰ্তে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে পদত্যাগ কৰা উচিত বুলিও মন্তব্য কৰে আপ সাংসদগৰাকীয়ে।
newznow.in