অযোধ্যা, ৪ নৱেম্বৰ: দেশত ৩ কোটি বাংলাদেশী অনুপ্ৰৱেশকাৰী থকা বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৰা দাবীক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক প্ৰশ্নৰে আক্ৰমণ কৰিছে আম আদমী পাৰ্টিৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে। ‘যোৱা ১২ বছৰে দেশত ৩ কোটি অনুপ্ৰৱেশকাৰী ঘূৰি ফুৰিছিল যদি মোদী আৰু অমিত শ্বাহে কি কৰি আছিল?’ বুলি প্ৰশ্ন কৰে তেওঁ।
‘দেশৰ সৈতে ধেমালি কৰাৰ সলনি পদত্যাগ কৰক’
সঞ্জয় সিঙে প্ৰশ্ন কৰে, ১২ বছৰ ধৰি ক্ষমতাত থকাৰ পাছতো যদি চৰকাৰে এই অনুপ্ৰৱেশকাৰীসকলক চিনাক্ত কৰি উলিয়াব পৰা নাই, তেন্তে ইয়াৰ দায়িত্ব কোনে ল’ব? দেশৰ সৈতে ধেমালি কৰাৰ পৰিৱৰ্তে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে পদত্যাগ কৰা উচিত বুলিও মন্তব্য কৰে আপ সাংসদগৰাকীয়ে।
সঞ্জয় সিঙে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক ৩ কোটি লোকৰ নাম ৰাজহুৱা কৰিবলৈও দাবী জনায়। SIRৰ সময়ত ভোটাৰ তালিকাৰ পৰা বাদ পৰা লোকসকলৰ নাম দেশবাসীৰ সন্মুখত প্ৰকাশ কৰিবলৈ আহ্বান জনাই তেওঁ কয়, সেই তালিকাত কোন হালিম, কলিম, সঞ্জয় অথবা বিজয় আছে, সেয়া স্পষ্ট কৰা উচিত।
ৰাজহুৱা সভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে SIRৰ সময়ত ভোটাৰ তালিকাৰ পৰা বাদ পৰা প্ৰায় ৩ কোটি নাম বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বুলি দাবী কৰিছিল। এই দাবীৰ পাছতে সঞ্জয় সিঙে প্ৰশ্ন উত্থাপন কৰে।