হাইলাকান্দিৰ অসম-মিজোৰাম সীমান্তত আৰক্ষীয়ে জব্দ কৰে প্ৰায় ২ কিলোগ্ৰাম হেৰ'ইন, আটক দুই যুৱক।
হাইলাকান্দি: ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অব্যাহত ৰখা অভিযানৰ মাজতে হাইলাকান্দি জিলাত লাভ কৰিছে বৃহৎ সফলতা।
জানিব পৰা মতে, জিলাখনৰ ৰামনাথপুৰ আৰক্ষী চকীৰ এটা দলে অসম-মিজোৰাম সীমান্তত নিয়মীয়া নাকা তালাচী চলাই আছিল।
তালাচীৰ সময়ত ট্ৰাকখনৰ ইন্ধনৰ টেংকীৰ ভিতৰত বিশেষ কৌশলেৰে লুকুৱাই ৰখা অৱস্থাত প্ৰায় ২ কিলোগ্ৰাম হেৰ’ইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী।
এই ঘটনাত ট্ৰাকখনত থকা সমীৰ উদ্দিন আৰু ফাৰিজ উদ্দিন নামৰ দুজন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
newznow.in