হাইলাকান্দি: ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অব্যাহত ৰখা অভিযানৰ মাজতে হাইলাকান্দি জিলাত লাভ কৰিছে বৃহৎ সফলতা। আৰক্ষীয়ে এক অভিযান চলাই প্ৰায় ২ কোটি টকা বজাৰ মূল্যৰ প্ৰায় ২ কিলোগ্ৰাম হেৰ’ইন জব্দ কৰাৰ লগতে এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত দুজন যুৱকক গ্ৰেপ্তাৰ কৰিছে।

জানিব পৰা মতে, জিলাখনৰ ৰামনাথপুৰ আৰক্ষী চকীৰ এটা দলে অসম-মিজোৰাম সীমান্তত নিয়মীয়া নাকা তালাচী চলাই আছিল। সেই সময়তে মিজোৰামৰ দিশৰ পৰা হাইলাকান্দিলৈ আহি থকা AS 27C 7358 নম্বৰৰ এখন ট্ৰাক আৰক্ষীয়ে ৰখাই তালাচী চলায়।

তালাচীৰ সময়ত ট্ৰাকখনৰ ইন্ধনৰ টেংকীৰ ভিতৰত বিশেষ কৌশলেৰে লুকুৱাই ৰখা অৱস্থাত প্ৰায় ২ কিলোগ্ৰাম হেৰ’ইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী। জব্দ কৰা নিচাযুক্ত সামগ্ৰীখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ২ কোটি টকা বুলি জানিব পৰা গৈছে।

এই ঘটনাত ট্ৰাকখনত থকা সমীৰ উদ্দিন আৰু ফাৰিজ উদ্দিন নামৰ দুজন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। বৰ্তমান দুয়ো আৰক্ষীৰ জিম্মাত আছে। ঘটনাটোৰ আঁৰত থকা ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ সন্ধানত ৰামনাথপুৰ আৰক্ষীয়ে তদন্ত আৰু সোধা-পোছা অব্যাহত ৰাখিছে।