মহাদেৱ অনলাইন বেটিং কাণ্ডৰ অন্যতম অভিযুক্ত সৌৰভ চন্দ্ৰকাৰক ৰায়পুৰৰ বিশেষ আদালতে ৮ দিনৰ CBI জিম্মালৈ প্ৰেৰণ কৰিছে।
ৰায়পুৰ, ৪ নৱেম্বৰঃ মহাদেৱ Online Betting App গোচৰৰ অন্যতম অভিযুক্ত সৌৰভ চন্দ্ৰকাৰক ৮ দিনৰ CBI জিম্মালৈ প্ৰেৰণ কৰিছে ছত্তীশগড়ৰ ৰায়পুৰৰ এখন বিশেষ আদালতে।
ওমানৰ পৰা প্ৰত্যৰ্পণ কৰি ভাৰতলৈ অনাৰ পাছত মঙলবাৰে সন্ধিয়া CBIৰ জিম্মাত এখন ব্যক্তিগত বিমানযোগে চন্দ্ৰকাৰক ৰায়পুৰলৈ অনা হৈছিল।
প্ৰায় ৬,০০০ কোটি টকাৰ বুলি অভিযোগ উত্থাপিত হোৱা মহাদেৱ Online Betting Appৰ জালিয়াতিৰ গোচৰত চন্দ্ৰকাৰক অন্যতম মূল অভিযুক্ত হিচাপে গণ্য কৰা হৈছে।
CBIৰ তদন্তত অভিযোগ কৰা হৈছে যে অবৈধ জুৱাৰ ধন সৰবৰাহৰ বাবে কমিছনৰ ভিত্তিত শ শ বেংক একাউণ্ট খোলা হৈছিল।
newznow.in