ৰায়পুৰ, ৪ নৱেম্বৰঃ মহাদেৱ Online Betting App গোচৰৰ অন্যতম অভিযুক্ত সৌৰভ চন্দ্ৰকাৰক ৮ দিনৰ CBI জিম্মালৈ প্ৰেৰণ কৰিছে ছত্তীশগড়ৰ ৰায়পুৰৰ এখন বিশেষ আদালতে। বুধবাৰে বিশেষ CBI আদালতত হাজিৰ কৰোৱাৰ পাছত তদন্তকাৰী সংস্থাটোৱে তেওঁক ১০ দিনৰ বাবে জিম্মাত বিচাৰিছিল। কিন্তু আদালতে ৮ দিনৰ জিম্মা মঞ্জুৰ কৰে। লগতে চন্দ্ৰকাৰক জেৰাৰ বাবে দিল্লীলৈ নিয়াৰো অনুমতি প্ৰদান কৰে।
ওমানৰ পৰা প্ৰত্যৰ্পণ কৰি ভাৰতলৈ অনাৰ পাছত মঙলবাৰে সন্ধিয়া CBIৰ জিম্মাত এখন ব্যক্তিগত বিমানযোগে চন্দ্ৰকাৰক ৰায়পুৰলৈ অনা হৈছিল। ইয়াৰ পূৰ্বে সোমবাৰে দিল্লীৰ আদালতে তেওঁক ছত্তীশগড়লৈ নিয়াৰ বাবে CBIক দুদিনৰ Transit Remand প্ৰদান কৰিছিল। ওমানৰ পৰা প্ৰত্যৰ্পণৰ পাছত ভাৰতীয় তদন্তকাৰী সংস্থাই তেওঁক ৰায়পুৰৰ বিশেষ আদালতত হাজিৰ কৰোৱাৰ ব্যৱস্থা কৰে।
প্ৰায় ৬,০০০ কোটি টকাৰ বুলি অভিযোগ উত্থাপিত হোৱা মহাদেৱ Online Betting Appৰ জালিয়াতিৰ গোচৰত চন্দ্ৰকাৰক অন্যতম মূল অভিযুক্ত হিচাপে গণ্য কৰা হৈছে। CBIৰ অভিযোগ অনুসৰি, চন্দ্ৰকাৰ, সহ-অভিযুক্ত ৰবি উপ্পল আৰু তেওঁলোকৰ সহযোগীসকলে Mahadev Book Appৰ জৰিয়তে অনলাইন জুৱাৰ এক বৃহৎ নেটৱৰ্ক চলাইছিল। দেশৰ বিভিন্ন স্থানত পেনেল আৰু শাখাৰ জৰিয়তে এই ব্যৱস্থা পৰিচালনা কৰা হৈছিল বুলি তদন্তকাৰী সংস্থাটোৱে অভিযোগ কৰিছে।
CBIৰ তদন্তত অভিযোগ কৰা হৈছে যে অবৈধ জুৱাৰ ধন সৰবৰাহৰ বাবে কমিছনৰ ভিত্তিত শ শ বেংক একাউণ্ট খোলা হৈছিল। একাধিক একাউণ্টৰ জৰিয়তে ধন লেনদেন কৰি UAEলৈ ধন প্ৰেৰণ কৰা হৈছিল বুলিও অভিযোগ উঠিছে। তদন্তকাৰী সংস্থাৰ মতে, ডুবাইক এই নেটৱৰ্কৰ মুখ্য কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰা হৈছিল আৰু ছত্তীশগড়ৰ বহু যুৱকক পৰিচালক হিচাপে নিযুক্তি দিয়া হৈছিল।
ছত্তীশগড় চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ জাননীৰ পাছত ২০২৪ চনৰ ১৮ ডিচেম্বৰত CBIয়ে এই গোচৰৰ তদন্তৰ দায়িত্ব গ্ৰহণ কৰি FIR পঞ্জীয়ন কৰিছিল। ইয়াৰ পূৰ্বে ৰাজ্যখনৰ State Economic Offence Bureauয়ে গোচৰটোৰ তদন্ত চলাই আছিল।