দেশ

আকৌ বিপদত বিছলেৰী! জলপাইগুড়িৰ প্ৰকল্পৰ পানীত কলিফৰ্ম বেক্টেৰিয়া, বিছলেৰীৰ বিৰুদ্ধে FSSAIৰ গোচৰ তৰাৰ নিৰ্দেশ

NewzNow · ২৮ নৱেম্বৰ ২০২৬

১ / ৫

জলপাইগুড়িৰ তেলীপাৰা প্ৰকল্পৰ পানীৰ নমুনাত কলিফৰ্ম বেক্টেৰিয়া ধৰা পৰাৰ পিছতে বিছলেৰী ইন্টাৰনেচনেলৰ বিৰুদ্ধে গোচৰ তৰাৰ নিৰ্দেশ দিছে খাদ্য সুৰক্ষা নিয়ন্ত্ৰক সংস্থাই।

২ / ৫

পশ্চিমবংগৰ জলপাইগুড়ি জিলাৰ তেলীপাৰা গাঁৱত থকা বিছলেৰী ইন্টাৰনেচনেলৰ প্ৰকল্পৰ পৰা সংগ্ৰহ কৰা পানীৰ নমুনাত কলিফৰ্ম বেক্টেৰিয়া ধৰা পৰিছে।

৩ / ৫

উক্ত পানীৰ নমুনাটো পিবি ২০১ নম্বৰৰ এটা বেটচৰ আছিল।

৪ / ৫

ইয়াৰ কেইদিনমান পূৰ্বে গোৱাত অৱস্থিত বিছলেৰীৰ আন এটা প্ৰকল্পৰ পানীৰ নমুনাৰ ক্ষেত্ৰতো একেধৰণৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছিল নিয়ন্ত্ৰক সংস্থাটোৱে।

৫ / ৫

অৱশ্যে কোম্পানীটোৱে তেওঁলোকৰ পেকেজড খোৱাপানী সম্পূৰ্ণ সুৰক্ষিত বুলি দাবী কৰিছে।

আকৌ বিপদত বিছলেৰী! জলপাইগুড়িৰ প্ৰকল্পৰ পানীত কলিফৰ্ম বেক্টেৰিয়া, বিছলেৰীৰ বিৰুদ্ধে FSSAIৰ গোচৰ তৰাৰ নিৰ্দেশ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক