পশ্চিমবংগৰ জলপাইগুড়ি জিলাৰ তেলীপাৰা গাঁৱত থকা বিছলেৰী ইন্টাৰনেচনেলৰ প্ৰকল্পৰ পৰা সংগ্ৰহ কৰা পানীৰ নমুনাত কলিফৰ্ম বেক্টেৰিয়া ধৰা পৰিছে। এই ঘটনাৰ পিছতে প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰী পক্ষক গোচৰ তৰাৰ যাৱতীয় অনুমোদন জনাইছে খাদ্য সুৰক্ষা আৰু মান নিৰ্ণায়ক কৰ্তৃপক্ষ চমুকৈ এফএছএছএআইয়ে। প্ৰাথমিক পৰীক্ষাগাৰৰ লগতে ৰেফাৰেল ফুড লেবৰেটৰীয়েও সংগৃহীত পানীত এই বেক্টেৰিয়াৰ উপস্থিতি নিশ্চিত কৰিছে।
উক্ত পানীৰ নমুনাটো পিবি ২০১ নম্বৰৰ এটা বেটচৰ আছিল। পৰীক্ষাত আসোঁৱাহ ওলোৱাৰ পিছতে এই বিশেষ বেটচটোৰ বিক্ৰী নিষিদ্ধ কৰা হৈছিল। এফএছএছএআইয়ে খাদ্য সুৰক্ষা আৰু মান আইন, ২০০৬-ৰ অধীনত বিছলেৰী ইন্টাৰনেচনেলৰ বিৰুদ্ধে গোচৰ তৰাৰ নিৰ্দেশ দিছে। সাধাৰণতে নলা-নৰ্দমাৰ পানী বা পাইপলাইনৰ ক্ষয়-ক্ষতিৰ জৰিয়তে পানী যোগান ব্যৱস্থাত এনে ধৰণৰ কলিফৰ্ম বেক্টেৰিয়া প্ৰৱেশ কৰিব পাৰে।
ইয়াৰ কেইদিনমান পূৰ্বে গোৱাত অৱস্থিত বিছলেৰীৰ আন এটা প্ৰকল্পৰ পানীৰ নমুনাৰ ক্ষেত্ৰতো একেধৰণৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছিল নিয়ন্ত্ৰক সংস্থাটোৱে। সংস্থাটোৰ মতে, তাত পেকেজড খোৱাপানীত নিৰ্ধাৰিত ব্ৰমেটৰ মাত্ৰা নিয়ন্ত্ৰণহীন পোৱা গৈছিল। পৰৱৰ্তী সময়ত ৰেফাৰেল পৰীক্ষাগাৰে পানীৰ নমুনাত পলি-নিউক্লিয়াৰ এৰোমেটিক হাইড্ৰ'কাৰ্বন ধৰা পেলাই ইয়াক খোৱাৰ অনুপযোগী বুলি ঘোষণা কৰে।
অৱশ্যে কোম্পানীটোৱে তেওঁলোকৰ পেকেজড খোৱাপানী সম্পূৰ্ণ সুৰক্ষিত বুলি দাবী কৰিছে। তেওঁলোকে জনায় যে গোৱাৰ প্ৰকল্পটোত উৎপাদিত এটা নিৰ্দিষ্ট বেটচৰ পানীৰ ক্ষেত্ৰতহে এই আসোঁৱাহ ওলাইছিল। কোম্পানীটোৱে নিজস্বভাৱে এফএছএছএআই অনুমোদিত পৰীক্ষাগাৰত কৰোৱা পৰীক্ষাত ব্ৰমেটৰ মাত্ৰা নিৰ্ধাৰিত সীমাত থকাৰ প্ৰতিবেদন এফএছএছএআইক দাখিল কৰা হৈছিল বুলিও উল্লেখ কৰে। বিছলেৰীয়ে জনায় যে পানী বিশুদ্ধকৰণৰ ১০টা স্তৰত ৯০টাতকৈও অধিক মান পৰীক্ষা কৰা হয় আৰু তেওঁলোকে তদন্তত সম্পূৰ্ণ সহযোগিতা আগবঢ়াব।
ইফালে এফএছএছএআইয়ে সমগ্ৰ দেশতে পেকেজড খোৱাপানীৰ বজাৰখনত তদাৰকী ব্যৱস্থা অধিক কঠোৰ কৰি তুলিছে। সংস্থাটোৱে বিভিন্ন ব্ৰেণ্ডৰ খোৱাপানীৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ ব্যৱস্থা কৰিছে, যাৰ ফলাফল শীঘ্ৰেই প্ৰকাশ পাব। ইয়াৰ উপৰিও নামী ব্ৰেণ্ডৰ নাম আৰু লেবেল নকল কৰি বিক্ৰী কৰা ভুৱা প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধেও অভিযান চলোৱা হ'ব বুলি নিয়ন্ত্ৰক সংস্থাটোৱে জানিবলৈ দিছে।