অসম

২৯ বছৰৰ মূৰত সঞ্জয় ঘোষ হত্যাকাণ্ডৰ গোচৰত ৰায়, আলফা নেতা ফটিক হাতীমতাক যাৱজ্জীৱন কাৰাদণ্ড

NewzNow · ২৮ নৱেম্বৰ ২০২৬

১ / ৫

সমাজকৰ্মী সঞ্জয় ঘোষৰ অপহৰণ আৰু হত্যাকাণ্ডৰ প্ৰায় ২৯ বছৰ পুৰণি গোচৰত আলফা নেতা ফটিক হাতীমতাক যাৱজ্জীৱন কাৰাদণ্ড বিহিছে বিশেষ চিবিআই আদালতে।

২ / ৫

প্ৰায় ২৯ বছৰৰ মূৰত ন্যায় লাভৰ দিশত এক গুৰুত্বপূৰ্ণ অগ্ৰগতি ঘটিল মাজুলীৰ সমাজকৰ্মী সঞ্জয় ঘোষ হত্যাকাণ্ডৰ গোচৰত।

৩ / ৫

উল্লেখ্য যে, ১৯৯৭ চনৰ ৪ জুলাইত মাজুলীৰ মখেলীগাঁৱৰ পৰা সমাজকৰ্মী সঞ্জয় ঘোষ আৰু তেওঁৰ সহযোগী চন্দন দলেক অপহৰণ কৰিছিল আলফাৰ এটা দলে।

৪ / ৫

এই ঘটনাৰ পাছতে ফটিক হাতীমতাই মাজুলীৰ পৰা পলায়ন কৰি আত্মগোপন কৰিছিল।

৫ / ৫

দীৰ্ঘদিন ধৰি পলাতক হৈ থকা ফটিক হাতীমতাক অৱশেষত ২০১১ চনৰ ২৫ নৱেম্বৰত অসম আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত মাজুলীৰ পৰাই গ্ৰেপ্তাৰ কৰে।

২৯ বছৰৰ মূৰত সঞ্জয় ঘোষ হত্যাকাণ্ডৰ গোচৰত ৰায়, আলফা নেতা ফটিক হাতীমতাক যাৱজ্জীৱন কাৰাদণ্ড

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক