প্ৰায় ২৯ বছৰৰ মূৰত ন্যায় লাভৰ দিশত এক গুৰুত্বপূৰ্ণ অগ্ৰগতি ঘটিল মাজুলীৰ সমাজকৰ্মী সঞ্জয় ঘোষ হত্যাকাণ্ডৰ গোচৰত। দীৰ্ঘদিন ধৰি চলি থকা বিচাৰ প্ৰক্ৰিয়াৰ অন্তত শনিবাৰে CBIৰ বিশেষ আদালতে এই হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত আলফা নেতা ফটিক হাতীমতাক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় প্ৰদান কৰে। ১৯৯৭ চনত সংঘটিত এই অপহৰণ আৰু হত্যাকাণ্ডই সেই সময়ত সমগ্ৰ অসমতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছিল।

উল্লেখ্য যে, ১৯৯৭ চনৰ ৪ জুলাইত মাজুলীৰ মখেলীগাঁৱৰ পৰা সমাজকৰ্মী সঞ্জয় ঘোষ আৰু তেওঁৰ সহযোগী চন্দন দলেক অপহৰণ কৰিছিল আলফাৰ এটা দলে। অৱশ্যে অপহৰণকাৰীৰ কবলৰ পৰা কোনো মতে পলাই আহিবলৈ সক্ষম হৈছিল চন্দন দলে। পৰৱৰ্তী সময়ত তেওঁ ঘটনাটোৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰিছিল। CBIৰ তদন্ত অনুসৰি, অপহৰণৰ দিনাই নিশা সঞ্জয় ঘোষক এখন নাৱলৈ নি হত্যা কৰা হৈছিল। হত্যাৰ পাছত তেওঁৰ মৃতদেহ ব্ৰহ্মপুত্ৰ নদীত পেলাই দিয়া হৈছিল বুলি তদন্তত প্ৰকাশ পাইছিল। অৱশ্যে আজিলৈকে তেওঁৰ মৃতদেহ উদ্ধাৰ হোৱা নাই।

Sanjoy Ghose
Sanjoy Ghose

এই ঘটনাৰ পাছতে ফটিক হাতীমতাই মাজুলীৰ পৰা পলায়ন কৰি আত্মগোপন কৰিছিল। পিছত গোচৰটোৰ তদন্তৰ দায়িত্ব CBIক অৰ্পণ কৰা হয়। তদন্তৰ অন্তত CBIয়ে দাখিল কৰা অভিযোগনামাত ফটিক হাতীমতাকে ধৰি মুঠ ১১জন লোকৰ নাম অভিযুক্ত হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল।

দীৰ্ঘদিন ধৰি পলাতক হৈ থকা ফটিক হাতীমতাক অৱশেষত ২০১১ চনৰ ২৫ নৱেম্বৰত অসম আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত মাজুলীৰ পৰাই গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰৰ পাছত তেওঁক CBIৰ হাতত গতাই দিয়া হৈছিল। পৰৱৰ্তী সময়ত তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়। ২০১২ চনৰ জুলাই মাহত গুৱাহাটী উচ্চ ন্যায়ালয়ে তেওঁক কেইবাটাও চৰ্ত সাপেক্ষে জামিন প্ৰদান কৰিছিল।

ইয়াৰ পিছতো আদালতত গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া অব্যাহত থাকে। অৱশেষত শনিবাৰে আদালতে ফটিক হাতীমতাক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে। প্ৰায় তিনি দশক পুৰণি এই গোচৰৰ ৰায়দানে পুনৰ এবাৰ মাজুলীৰ সমাজকৰ্মী সঞ্জয় ঘোষৰ অপহৰণ আৰু হত্যাকাণ্ড চৰ্চালৈ আনিছে।