গুৱাহাটী মহানগৰীত জৰিমনা আৰু কঠোৰ নিয়ম সত্ত্বেও বন্ধ হোৱা নাই হেলমেটবিহীন যাতায়াত।
গুৱাহাটী, ১৫ মাৰ্চ: গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত হেলমেট সম্পৰ্কীয় নিয়মসমূহ কঠোৰভাৱে প্ৰয়োগ কৰাৰ লগতে জৰিমনা বিহাৰ পাছতো হেলমেটবিহীন যাত্ৰাই পথ সুৰক্ষাক লৈ উদ্বেগৰ সৃষ্টি কৰিছে।
মহানগৰীখনত শেহতীয়াকৈ পথ দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পোৱাৰ সময়তে এই বিষয়টো চৰ্চালৈ আহিছে।
লতাশিল যান-বাহন শাখাৰ এজন আৰক্ষী জোৱানে জনোৱা মতে, হেলমেট নিপিন্ধা ঘটনা কিছু পৰিমাণে কমিছে যদিও এয়া সম্পূৰ্ণৰূপে বন্ধ হোৱা নাই।
একেদৰে হাতীগাঁও অঞ্চলতো নিয়মিত তালাচীৰ সময়ত যান-বাহন আৰক্ষীয়ে এনে নিয়ম উলংঘনকাৰীৰ সন্মুখীন হৈছে।
newznow.in