গুৱাহাটী, ১৫ মাৰ্চ: গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত হেলমেট সম্পৰ্কীয় নিয়মসমূহ কঠোৰভাৱে প্ৰয়োগ কৰাৰ লগতে জৰিমনা বিহাৰ পাছতো হেলমেটবিহীন যাত্ৰাই পথ সুৰক্ষাক লৈ উদ্বেগৰ সৃষ্টি কৰিছে। যান-বাহন আৰক্ষীৰ তৰফৰ পৰা নিয়ম উলংঘনৰ ঘটনা পূৰ্বতকৈ হ্ৰাস পোৱা বুলি দাবী কৰা হৈছে যদিও এতিয়াও মহানগৰীৰ পথত একাংশ লোকে হেলমেট পৰিধান নকৰাকৈ দুচকীয়া বাহন চলাই থকা দেখা গৈছে।
মহানগৰীখনত শেহতীয়াকৈ পথ দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পোৱাৰ সময়তে এই বিষয়টো চৰ্চালৈ আহিছে। কেৱল জৰিমনাৰ ভয়েই নিয়ম মানিবলৈ বাধ্য কৰাব পাৰিবনে নাই আৰু পথচাৰীৰ মাজত সুৰক্ষা সম্পৰ্কীয় সজাগতা কিমান আছে, সেই লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। যান-বাহন আৰক্ষীয়ে বাৰে বাৰে আহ্বান জনোৱাৰ পাছতো বহু চালকে নিজৰ জীৱন বিপদাপন্ন কৰি এনেদৰে বাহন চলাই আহিছে।
লতাশিল যান-বাহন শাখাৰ এজন আৰক্ষী জোৱানে জনোৱা মতে, হেলমেট নিপিন্ধা ঘটনা কিছু পৰিমাণে কমিছে যদিও এয়া সম্পূৰ্ণৰূপে বন্ধ হোৱা নাই। নিয়ম উলংঘনকাৰীৰ বিৰুদ্ধে নিয়মীয়া তহলৰ সময়ত এহাজাৰ টকাকৈ জৰিমনা বিহা হৈছে বুলিও আৰক্ষীয়ে সদৰী কৰে।
একেদৰে হাতীগাঁও অঞ্চলতো নিয়মিত তালাচীৰ সময়ত যান-বাহন আৰক্ষীয়ে এনে নিয়ম উলংঘনকাৰীৰ সন্মুখীন হৈছে। প্ৰশাসনে নিয়ম বলৱৎ কৰাত কোনো শিথিলতা অনা নাই যদিও মহানগৰবাসীৰ মাজত আত্মসুৰক্ষাৰ সজাগতা বৃদ্ধি নোপোৱালৈকে এই সমস্যাৰ স্থায়ী সমাধান কঠিন হৈ পৰিব বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে।