নিউজিলেণ্ডৰ বিৰুদ্ধে ৭৪ ৰানৰ ইনিংছৰ সময়ত বিৰাট কোহলীয়ে ODIত লক্ষ্য অনুসৰণ কৰি সৰ্বাধিক ৰান সংগ্ৰহৰ ক্ষেত্ৰত শচীন তেণ্ডুলকাৰৰ অভিলেখ অতিক্ৰম কৰে।
অকলেণ্ড: এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আন এক ঐতিহাসিক কৃতিত্ব অৰ্জন কৰিলে ভাৰতীয় তাৰকা বেটাৰ বিৰাট কোহলীয়ে।
ইয়াৰ পূৰ্বে এই অভিলেখ আছিল শচীন তেণ্ডুলকাৰৰ নামত।
নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত কোহলীয়ে ৫১টা বলত ৭৪ ৰান সংগ্ৰহ কৰে।
মেচখনত ভাৰতৰ আৰম্ভণি অৱশ্যে আশানুৰূপ হোৱা নাছিল।
newznow.in