অকলেণ্ড: এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আন এক ঐতিহাসিক কৃতিত্ব অৰ্জন কৰিলে ভাৰতীয় তাৰকা বেটাৰ বিৰাট কোহলীয়ে। ODIত লক্ষ্য অনুসৰণ কৰি সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটাৰ হিচাপে কিংবদন্তি শচীন তেণ্ডুলকাৰক অতিক্ৰম কৰিলে কোহলীয়ে। নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত ৭৪ ৰানৰ ইনিংছ খেলাৰ সময়তে এই অভিলেখ গঢ়ে ভাৰতীয় তাৰকাগৰাকীয়ে।

ইয়াৰ পূৰ্বে এই অভিলেখ আছিল শচীন তেণ্ডুলকাৰৰ নামত। লক্ষ্য অনুসৰণ কৰি ODIত তেণ্ডুলকাৰে সংগ্ৰহ কৰিছিল ৮,৭২০ ৰান। কোহলীয়ে সেই সীমা অতিক্ৰম কৰি এই বিশেষ পৰিসংখ্যাত শীৰ্ষস্থান দখল কৰে। লক্ষ্য অনুসৰণৰ সময়ত ধৈৰ্য, পৰিস্থিতিৰ সৈতে খাপ খুৱাই বেটিং আৰু চাপৰ মাজতো দলক জয়ৰ দিশে আগুৱাই নিয়াৰ ক্ষমতাৰ বাবে কোহলী দীৰ্ঘদিন ধৰি বিশেষভাৱে পৰিচিত।

নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত কোহলীয়ে ৫১টা বলত ৭৪ ৰান সংগ্ৰহ কৰে। তেওঁৰ ইনিংছটোত আছিল ১৩টা চাৰি আৰু এটা ছয়। ৩৫টা বলত অৰ্ধশতক সম্পূৰ্ণ কৰা কোহলীয়ে ভাৰতৰ ৰান সংগ্ৰহৰ গতি বৃদ্ধি কৰে। এদিনীয়া ক্ৰিকেটত এয়া তেওঁৰ ৮০সংখ্যক অৰ্ধশতক।

মেচখনত ভাৰতৰ আৰম্ভণি অৱশ্যে আশানুৰূপ হোৱা নাছিল। প্ৰথম অভাৰতে ৰোহিত শৰ্মা শূন্য ৰানত আউট হয়। তাৰ পাছত অধিনায়ক শুভমন গিলৰ সৈতে ক্ৰীজত মিলিত হৈ কোহলীয়ে ভাৰতৰ ইনিংছ চম্ভালে। দুয়োগৰাকীয়ে দ্বিতীয় উইকেটৰ বাবে গুৰুত্বপূৰ্ণ ১১৩ ৰানৰ অংশীদাৰিত্ব গঢ়ি তোলে। গিলে ৫৬টা বলত ৩৭ ৰান সংগ্ৰহ কৰে।

বৰষুণৰ বাবে খেলখন কেইবাবাৰো ব্যাহত হয়। ফলত Duckworth-Lewis-Stern (DLS) পদ্ধতিৰে ভাৰতৰ লক্ষ্য পুনৰ নিৰ্ধাৰণ কৰা হয়। নিউজিলেণ্ডে প্ৰথমে বেটিং কৰি ৪০.২ অভাৰত ১৮৫ ৰানত আটাইকেইটা উইকেট হেৰুৱাইছিল। বৰষুণৰ প্ৰভাৱত ভাৰতৰ লক্ষ্য ৩২ অভাৰত ১৪৩ ৰানলৈ হ্ৰাস কৰা হয়। ভাৰতে ২২.৪ অভাৰত পাঁচটা উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয় আৰু পাঁচ উইকেটত জয়লাভ কৰে।

ভাৰতৰ জয়ত বলাৰসকলৰো গুৰুত্বপূৰ্ণ অৱদান আছিল। অৰ্চদীপ সিঙে চাৰিটা উইকেট দখল কৰাৰ বিপৰীতে গুৰনূৰ ব্ৰাৰে তিনিটা আৰু অংশুল কম্বোজে দুটা উইকেট লাভ কৰে। নিউজিলেণ্ডৰ হৈ টিম ছেইফাৰ্টে ৩৮ ৰান আৰু ব্লেয়াৰ টিকনাৰে ২৩টা বলত ৩৪ ৰান সংগ্ৰহ কৰে।