চাৰি বছৰৰ সেৱাৰ পিছত নিয়মীয়া বাহিনীত স্থান নোপোৱা অগ্নিবীৰসকলৰ বাবে অতিৰিক্ত দুবছৰ সেৱাৰ সুযোগ; তাৰ পিছত স্থায়ী নিযুক্তিৰ আন এক সুযোগ।
নতুন দিল্লী, ৪ নৱেম্বৰঃ কেন্দ্ৰীয় চৰকাৰে অগ্নিপথ আঁচনিত বৃহৎ পৰিৱৰ্তন সাধন কৰিছে।
২০২২ চনৰ ১৪ জুনত কেন্দ্ৰীয় চৰকাৰে অগ্নিপথ আঁচনি ঘোষণা কৰিছিল।
নতুন পৰিৱৰ্তনৰ ফলত এই ব্যৱস্থাত গুৰুত্বপূৰ্ণ সলনি আহিব।
এই সিদ্ধান্তৰ ফলত অগ্নিবীৰসকলে সামৰিক বাহিনীত অধিক সময় সেৱা আগবঢ়োৱাৰ লগতে অভিজ্ঞতা আৰু দক্ষতা বৃদ্ধি কৰাৰ সুযোগ লাভ কৰিব।
newznow.in