নতুন দিল্লী, ৪ নৱেম্বৰঃ কেন্দ্ৰীয় চৰকাৰে অগ্নিপথ আঁচনিত বৃহৎ পৰিৱৰ্তন সাধন কৰিছে। নতুন ব্যৱস্থা অনুসৰি, চাৰি বছৰৰ সেৱাকাল সম্পূৰ্ণ কৰাৰ পিছত নিয়মীয়া সশস্ত্ৰ বাহিনীত স্থান লাভ নকৰা ৭৫ শতাংশ অগ্নিবীৰক অতিৰিক্ত দুবছৰৰ বাবে সেৱা আগবঢ়োৱাৰ সুযোগ দিয়া হ’ব। এই অতিৰিক্ত সেৱাকাল সম্পূৰ্ণ হোৱাৰ পিছত যোগ্যতা আৰু নিৰ্বাচনী চৰ্ত পূৰণ কৰা অগ্নিবীৰসকলে নিয়মীয়া বাহিনীত স্থায়ী নিযুক্তিৰ বাবে পুনৰ সুযোগ লাভ কৰিব।
২০২২ চনৰ ১৪ জুনত কেন্দ্ৰীয় চৰকাৰে অগ্নিপথ আঁচনি ঘোষণা কৰিছিল। এই আঁচনিৰ অধীনত ভাৰতীয় সেনা, নৌসেনা আৰু বায়ুসেনাত চাৰি বছৰৰ বাবে অগ্নিবীৰ নিযুক্তিৰ ব্যৱস্থা কৰা হৈছিল। মূল ব্যৱস্থা অনুসৰি, চাৰি বছৰীয়া সেৱাকাল সম্পূৰ্ণ কৰাৰ পিছত প্ৰতিটো বেটচৰ সৰ্বাধিক ২৫ শতাংশ অগ্নিবীৰক যোগ্যতা, কৰ্মদক্ষতা আৰু বাহিনীৰ প্ৰয়োজনীয়তাৰ ভিত্তিত নিয়মীয়া বাহিনীত অন্তৰ্ভুক্ত কৰাৰ সুযোগ আছিল। বাকী ৭৫ শতাংশ অগ্নিবীৰৰ সেৱাৰ ম্যাদ সম্পূৰ্ণ হোৱাৰ পিছত বাহিনীৰ পৰা ওলাই আহিবলগীয়া হৈছিল।
নতুন পৰিৱৰ্তনৰ ফলত এই ব্যৱস্থাত গুৰুত্বপূৰ্ণ সলনি আহিব। এতিয়াৰে পৰা প্ৰথম পৰ্যায়ত নিয়মীয়া বাহিনীত স্থান লাভ নকৰা অগ্নিবীৰসকলেও আৰু দুবছৰ সেৱা আগবঢ়োৱাৰ সুযোগ লাভ কৰিব। এই সময়ছোৱা সম্পূৰ্ণ হোৱাৰ পিছত নিয়মীয়া বাহিনীত থাকিবলৈ আগ্ৰহী অগ্নিবীৰসকলক নিৰ্ধাৰিত যোগ্যতা আৰু নিৰ্বাচনী প্ৰক্ৰিয়াৰ ভিত্তিত বিবেচনা কৰা হ’ব।
এই সিদ্ধান্তৰ ফলত অগ্নিবীৰসকলে সামৰিক বাহিনীত অধিক সময় সেৱা আগবঢ়োৱাৰ লগতে অভিজ্ঞতা আৰু দক্ষতা বৃদ্ধি কৰাৰ সুযোগ লাভ কৰিব। আনহাতে, সশস্ত্ৰ বাহিনীয়েও প্ৰশিক্ষণপ্ৰাপ্ত যুৱ কৰ্মীৰ অভিজ্ঞতা অধিক সময়ৰ বাবে ব্যৱহাৰ কৰিব পাৰিব।
নতুন ব্যৱস্থাত অতিৰিক্ত দুবছৰ সেৱা আগবঢ়োৱা অগ্নিবীৰসকলৰ দৰমহা বৃদ্ধিৰ কথাও উল্লেখ কৰা হৈছে। দুবছৰীয়া সম্প্ৰসাৰিত সেৱাকাল সম্পূৰ্ণ কৰাৰ পিছত বাহিনীৰ পৰা ওলাই আহিবলৈ ইচ্ছা প্ৰকাশ কৰা অগ্নিবীৰসকলৰ বাবে সেৱা নিধি পেকেজ বৃদ্ধিৰ ব্যৱস্থাও থাকিব।
ইয়াৰ উপৰি অগ্নিবীৰ নিযুক্তি প্ৰক্ৰিয়াতো পৰিৱৰ্তন অনাৰ কথা ঘোষণা কৰা হৈছে। নতুন ব্যৱস্থা অনুসৰি, শাৰীৰিক পৰীক্ষাৰ পূৰ্বে লিখিত পৰীক্ষা অনুষ্ঠিত কৰা হ’ব। লগতে সেৱাকালত লাভ কৰা সামৰিক প্ৰশিক্ষণ আৰু দক্ষতাৰ স্বীকৃতি হিচাপে অগ্নিবীৰসকলক দক্ষতাৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব। এই প্ৰমাণপত্ৰই পৰৱৰ্তী সময়ত অসামৰিক কৰ্মক্ষেত্ৰত চাকৰি বিচৰাৰ ক্ষেত্ৰতো সহায় কৰিব বুলি আশা কৰা হৈছে।
উল্লেখযোগ্য যে অগ্নিপথ আঁচনিৰ অধীনত নিযুক্তি লাভ কৰা প্ৰথমটো বেটচৰ চাৰি বছৰীয়া সেৱাকাল ২০২৬ চনৰ নৱেম্বৰ-ডিচেম্বৰ মাহত সম্পূৰ্ণ হ’বলৈ গৈ আছে। এনে সময়তে আঁচনিখনত এই বৃহৎ পৰিৱৰ্তনে অগ্নিবীৰসকলৰ ভৱিষ্যৎ সেৱাৰ ক্ষেত্ৰত নতুন সম্ভাৱনাৰ সৃষ্টি কৰিছে।