ৰেগিঙৰ অভিযোগত লক্ষ্ণৌৰ কিং জৰ্জ মেডিকেল ইউনিভাৰ্ছিটীৰ ৩৮গৰাকী এমবিবিএছ শিক্ষাৰ্থীক তিনি মাহৰ বাবে নিলম্বন কৰাৰ লগতে জৰিমনা বিহা হৈছে।
লক্ষ্ণৌ, ২৮ নৱেম্বৰ: কনিষ্ঠ শিক্ষাৰ্থীক ৰেগিং কৰাৰ অভিযোগত লক্ষ্ণৌৰ কিং জৰ্জ মেডিকেল ইউনিভাৰ্ছিটী (কেজিএমইউ) কৰ্তৃপক্ষই ৩৮গৰাকী এমবিবিএছ শিক্ষাৰ্থীক তিনি মাহৰ বাবে নিলম্বন কৰিছে।
বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জনোৱা অনুসৰি, নিলম্বিত শিক্ষাৰ্থীসকলৰ ভিতৰত ৩৬গৰাকী ২০২৫ বৰ্ষৰ এমবিবিএছ বেটচৰ আৰু দুগৰাকী ২০২৬ বৰ্ষৰ বেটচৰ।
১৬ নৱেম্বৰত সামাজিক মাধ্যমত বিশ্ববিদ্যালয়খনৰ এটা ভিডিঅ’ ভাইৰেল হৈছিল।
তদন্তত প্ৰকাশ পোৱা অনুসৰি, জ্যেষ্ঠ শিক্ষাৰ্থীসকলে নিশা ১২ বজাৰ পৰা পুৱা ২ বজাৰ ভিতৰত ভিডিঅ’ কল কৰি কনিষ্ঠসকলক টোপনিৰ পৰা জগাই তুলিছিল আৰু গানৰ তালে তালে নৃত্য কৰিবলৈ বাধ্য কৰাইছিল।
newznow.in